• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সত্যমেব জয়তে…’৩৪৪ দিনৰ যুদ্ধ শেষ! আদানী গোষ্ঠী আৰু হিণ্ডেনবাৰ্গৰ যুদ্ধৰ শেষত কোন জয়ী হ’ল?

‘সত্যমেব জয়তে…’৩৪৪ দিনৰ যুদ্ধ শেষ! আদানী গোষ্ঠী আৰু হিণ্ডেনবাৰ্গৰ যুদ্ধৰ শেষত কোন জয়ী হ’ল?

2 years ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

6 minutes ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

49 minutes ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

1 hour ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

3 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

3 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

4 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

4 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

4 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

5 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

5 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘সত্যমেব জয়তে…’৩৪৪ দিনৰ যুদ্ধ শেষ! আদানী গোষ্ঠী আৰু হিণ্ডেনবাৰ্গৰ যুদ্ধৰ শেষত কোন জয়ী হ’ল?

editor by editor
January 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
‘সত্যমেব জয়তে…’৩৪৪ দিনৰ যুদ্ধ শেষ! আদানী গোষ্ঠী আৰু হিণ্ডেনবাৰ্গৰ যুদ্ধৰ শেষত কোন জয়ী হ’ল?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পতনৰ পাছত এইবাৰ আকৌ উত্থানৰ পথত আদানী গোষ্ঠী! দেশৰ লেখত ল’বলগীয়া উদ্যোগী গৌতম আদানীক লৈ বুধবাৰে আৰম্ভ হৈছে জল্পনা। কাৰণ বুধবাৰে আদানীৰ সমস্ত সংস্থাৰ শ্বেয়াৰৰ গ্ৰাফ ওপৰলৈ গৈছে। কিয় হঠাৎ দাম বাঢ়িল আদানীৰ শ্বেয়াৰৰ? ইয়াৰ নেপথ্যত ছুপ্ৰিম কৰ্টৰ এটা বিশেষ ৰায় আছে বুলিও বহুতে ধাৰণা কৰিছে। বহুতেই আকৌ দাবী কৰিছে উচ্চতম ন্যায়ালয়ৰ ৰায় আদানীৰ পক্ষতেই আছে।

সামাজিক মাধ্যমত ভাইৰেল হৈছে বিশেষ ট্ৰেণ্ড, ক্লিনছিট টু আদানী। অৰ্থাৎ আদানীক ক্লিনছিট। কিন্তু উচ্চতম ন্যায়ালয়ে সঁচাকৈয়ে ক্লিনছিট দিলে নেকি মোদীৰ ঘনিষ্ঠ ব্যৱসায়ীক। আদানীৰ পক্ষত ভাইৰেল হোৱা এই কথাই লাভৰ মুখ দেখুৱাইছে নেকি আদানীৰ সংস্থাৰ শ্বেয়াৰ ক্ৰয় কৰা সকলক? সামাজিক মাধ্যমত ট্ৰেণ্ড চলিলেও আদানী সঁচাকৈয়ে দোষমুক্ত নেকি? ২০২৩ চনৰ ২৪ জানুৱাৰীত গাত লগা কলংকৰ দাগ সঁচাকৈয়ে আঁতৰিল নেকি আদানীৰ গাৰ পৰা? এবছৰ পূৰ্বে ২৪ জানুৱাৰীত এই কলংকৰ দাগ লাগিছিল আদানীৰ গাত।তাৰ পিছতেই নামি আহিছিল আদানীৰ শ্বেয়াৰ। ক্ষতি হৈছিল প্ৰায় ডেৰ লাখ কোটি টকাৰ। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত প্রথম তেওঁৰ নাম থাকিলেও নিশাৰ ভিতৰতেই আদানী সেই তালিকাৰ পৰা আঁতৰি গৈছিল। হোৰাহোৰে নামি আহিছিল শ্বেয়াৰ মাৰ্কেট।

আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক সংস্থা হিণ্ডেনবাৰ্গৰ ৰিচাৰ্ছে জনোৱা অনুসৰি আদানী গোষ্ঠীয়ে তেওঁলোকৰ শ্বেয়াৰ চুৰি কৰি আহিছে। কেৱল সেয়াই নহয় হিণ্ডেনবাৰ্গৰ ৰিপৰ্টত আৰু কিছু অভিযোগ অনা হৈছিল আদানী গোষ্ঠীৰ বিৰুদ্ধে। হিণ্ডেনবাৰ্গৰ ৰিপৰ্টৰ শিৰোনাম আছিল, ‘আদানী গোষ্ঠীঃ কেনেকৈ বিশ্বৰ তৃতীয় বৃহত্তম ধনী ব্যক্তিয়ে কৰ্পৰেটত ইতিহাসত সকলোতকৈ ডাঙৰ প্ৰতাৰণা চক্ৰটো চলাই গৈছে?’

এই ৰিপৰ্টত মূল পাঁচটা ডাঙৰ অভিযোগ অনা হৈছিল আদানীৰ বিৰুদ্ধে। হিণ্ডেনবাৰ্গে লিখিছিল, আদানী গ্ৰুপত অধীনত থকা সংস্থাসমূহে তেওঁলোকৰ শ্বেয়াৰৰ দাম বেআইনীভাৱে আৰু প্রভাৱ খটুৱাই বঢ়াই লৈছে। অভিযোগ আছিল, অৰ্থৰ লেনদেন আৰু হিচাপত প্ৰতাৰণা কৰাৰো। ইয়াৰ প্ৰমাণ হিচাপে হিণ্ডেনবাৰ্গৰ ৰিপৰ্টত কোৱা হৈছিল যে, ৮বছৰে ৫ বাৰ নিজৰ চিফ ফাইনেঞ্চিয়েল অফিচাৰো সলনি কৰিছিল আদানীয়ে।

তৃতীয় অভিযোগত আছিল, আদানী গোষ্ঠীৰ অধীনত থকা ৭টা সংস্থাৰ শ্বেয়াৰৰ দাম ৮৫ শতাংশ বঢ়াই দিছে আদানীয়ে। অৰ্থাৎ শ্বেয়াৰৰ প্ৰকৃত মূল্য যি আছে তাতকৈ বহু বেছি মূল্যায়ন কৰি দেখুৱাইছে আদানীয়ে। শ্বেয়াৰ বজাৰৰ ভাষাত এই ধৰণৰ মূল্যায়নক কোৱা হয় স্কাই ৰকেট ভেলুয়েশ্ব্যন। হিণ্ডেনবাৰ্গে লগতে কৈছিল যে আদানী গোষ্ঠীৰ ঋণৰ বোজা তেওঁলোকৰ ক্ষমতাতকৈ বহু বেছি। আদানী গোষ্ঠীৰ মূৰত প্ৰায় ২ লাখ ২০ হাজাৰ কোটি টকা ঋণৰ ভাৰ আছে।

হিণ্ডেনবাৰ্গে লগতে জনাইছিল যে মৰিছাছ আৰু অন্যান্য কেইবাখনো দেশৰ সংস্থালৈ আদানীৰ পৰা অৰ্থ যায়। এই সকলো সংস্থাই আদানীৰ সংস্থাৰ শ্বেয়াৰ ক্ৰয় কৰে আৰু শ্বেয়াৰৰ দাম কৃত্ৰিমভাৱে বঢ়াই দিয়ে।আদানীৰ শ্বেয়াৰ ৮৫ শতাংশতকৈয়ো বেছি দামত ক্ৰয় কৰিছে এইসমূহ সংস্থাই। হিণ্ডেনবাৰ্গৰ এইসমূহ ৰিপৰ্ট প্ৰচাৰ হোৱাৰ পাছতেই এই ৰিপৰ্টৰ কু প্ৰভাৱ পৰে আদানীৰ শ্বেয়াৰ মাৰ্কেটত। এক ধাক্কাতেই আদানীৰ শ্বেয়াৰৰ দৰ ৩০০০ৰ পৰা ১০০০ টকালৈ নামি আহে। হিণ্ডেনবাৰ্গৰ ৰিপৰ্টক বিশ্বাস নকৰাৰ প্রশ্নও নাহে। কাৰণ হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট সাধাৰণ মানুহৰ বিশ্বাসৰ প্ৰধান কাৰণেই হৈছে এই সংস্থাই দীর্ঘদিন ধৰি দুৰ্নীতিৰ বিৰুদ্ধেই কাম কৰি আহিছে। কেৱল ভাৰততেই নহয় বিদেশতো এই সংস্থাৰ ৰিপৰ্টক আগস্থান দিয়া হয়। কাৰণ এই সংস্থাই কোনো ভুল তথ্য দাঙি নধৰে।

বিগত এবছৰত আদানীৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গে অনা এই সকলোবোৰ তথ্যক ভুল বুলি দাবী কৰিছে আদানী গোষ্ঠীয়ে। তাৰপিছতেই আদানী বনাম হিণ্ডেনবাৰ্গৰ যুদ্ধ আৰম্ভ হয়। ইফালে দেশৰ প্রধান বিৰোধী দল কংগ্ৰেছো উঠি পৰি লাগে আদানীৰ বিৰুদ্ধে। ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত দেশ জুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ হয় আদানীৰ বিৰুদ্ধে। পৰিস্থিতি জটিল হৈ পৰাত ২০২৩ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে এখন বিশেষজ্ঞ কমিটি তৈয়াৰ কৰে আদানীৰ বিৰুদ্ধে। সকলো চালি জাৰি চাই উচ্চতম ন্যায়ালতে আদানীৰ সংস্থাক ২০২৩ চনৰ ১০ মেত ৰিপৰ্ট দাঙি ধৰিবলৈ নিৰ্দেশ দিয়ে। সেই ৰিপৰ্টত কোৱা হৈছিল যে আদানীৰ বিৰুদ্ধে যি অভিযোগ উঠিছে তাত কিবা ভুল আছে নাই ক’ব নোৱাৰি। আদানীক ৰিপৰ্ট দাখিল কৰিবলৈ ১৪ আগষ্ট পৰ্যন্ত সময় দিয়া হয়। কিন্তু নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো আদানীয়ে ৰিপৰ্ট দাখিল কৰিব নোৱাৰিলে।

বুধবাৰে ৩ জানুৱাৰীত বিশেষ ৰায় ঘোষণা কৰিছে শীৰ্ষ আদালতে। ৰায়ত আদালতে কোৱা সকলোবোৰ কথাক ক্লিনছিট দিয়া বুলিয়েই দাবী কৰিছে চৰকাৰপন্থীয়ে। কাৰণ আদালতে বিশেষ এটা তদন্তকাৰী দল ছেবিৰ তদন্তই শেষ ভৰষা বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে। ৰায় ঘোষণাৰ পাছতেই এক্স হেণ্ডেলত আদানী গোষ্ঠীৰ হৈ গৌতম আদানীয়ে লিখিছে ‘সত্যমেৱ জয়তে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
Next Post
বছৰৰ প্ৰথম শুকুৰবাৰে এই উপায়েৰেই লাভ কৰিব লক্ষ্মীৰ আশীৰ্বাদ, দেৱীয়ে আপোনাৰ ঘৰত বাস কৰিবই

বছৰৰ প্ৰথম শুকুৰবাৰে এই উপায়েৰেই লাভ কৰিব লক্ষ্মীৰ আশীৰ্বাদ, দেৱীয়ে আপোনাৰ ঘৰত বাস কৰিবই

বিপদত শিল্পী জুবিন গাৰ্গ! মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈ বিপদত জুবিন

বিপদত শিল্পী জুবিন গাৰ্গ! মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈ বিপদত জুবিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.