মানৱেন্দ্ৰ কুমাৰ দাসঃ অসমত কংগ্ৰেছ দলৰ পৰা বহু কেইগৰাকী জ্যেষ্ঠ নেতা অচিৰেই দলৰ পৰা বিতাৰিত হ’ব। তাৰ বাবে প্ৰাৰম্ভিক সাংগঠনিক প্ৰস্তুতি ও চূড়ান্ত হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এক শীৰ্ষ সূত্ৰই এনে বিস্ফোৰক তথ্য সদৰি কৰিছে। এইখিনিতে প্ৰশ্ন উদয় হয় কংগ্ৰেছৰ এনে সংকট কালত দলে কিয় বহুকেইগৰাকী জ্যেষ্ঠ নেতাক কৌশলেৰে বহিস্কাৰৰ পৰিকল্পনা লৈছে? আৰু কোন সেই নেতা?
এইখিনিতে উল্লেখ কৰিব পাৰি, অলপতে গুৱাহাটীত অনুষ্ঠিত এক দলীয় সভাত উপস্থিত থাকি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৰা এক ঘোষণাৰ কথা। ৰাহুল গান্ধীৰ অন্যতম ঘনিষ্ঠ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ ওচৰত ঘোষণা কৰিছিল যে আগন্তুক সময়চোৱাত মূলসুঁতিৰ অসমীয়া মানুহৰ স্বাৰ্থক কংগ্ৰেছ দলে অগ্ৰাধিকাৰ দিব। অৰ্থাৎ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব কংগ্ৰেছ দল।
লগতে পঢ়ক প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!
এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এক বিস্তৃত কৰ্মসূচী (action plan) প্ৰস্তুত কৰি ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰিছে। খোদ জিতেন্দ্ৰ সিঙৰ পৰা এই তথ্য জানিব পৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভূপেন কুমাৰ বৰাৰ কৰ্মসূচী গ্ৰহণ কৰাৰ পাছত অসন্তুষ্ট হৈ উঠিছে অসমৰ বহু কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা। কিয়নো ভূপেন বৰাৰ ৰাজনৈতিক কৰ্মসূচীত মুছলমানকেন্দ্ৰিক ৰাজনীতিৰ কোনো স্থান নাই। কিন্তু তাৰ বিপৰীতে বহু কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই কংগ্ৰেছক মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। গতিকে কংগ্ৰেছৰ শেহতীয়া স্থিতিয়ে এইসকল নেতাক অসন্তুষ্ট কৰাতো স্বাভাৱিক। তেওঁলোক ৰাজনৈতিক ভৱিষ্যতকলৈও সন্দিহান হৈছে।
লগতে পঢ়ক চৰকাৰী কাৰ্যালয়ত ওলমালে লাডেনৰ ফ’টো, নিলম্বিত হ’ল চৰকাৰী বিষয়া
মধ্য অসমৰ এগৰাকী প্ৰভাৱশালী জ্যেষ্ঠ কংগ্ৰেছ নেতাই তেওঁৰ অসন্তুষ্টি ইতিমধ্যে লিখিতভাৱে কংগ্ৰেছ হাই কামাণ্ডলৈও প্ৰেৰণ কৰিছে। এই খবৰ সংবাদ মাধ্যমতো প্ৰকাশিত হৈছে। একেদৰে নামনি অসম আৰু বৰাক উপত্যকাৰ ৫ গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতায়ো ইয়াৰ বিৰোধিতা কৰিছে। বিৰোধিতা কৰা নেতাকেইগৰাকীৰ সৰহ সংখ্যকেই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ।
অৱশ্যে তেওঁলোকৰ প্ৰতিবাদক অদ্যপি গুৰুত্ব দিয়া নাই কংগ্ৰেছ হাই কামাণ্ডে। প্ৰাপ্ত তথ্য অনুসৰি এই ৫/৬ গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই অচিৰেই কংগ্ৰেছ দল ত্যাগ কৰাৰ সম্ভাৱনা আছে। কিয়নো কংগ্ৰেছ দলত কেৱল মুছলমান পৰিচয়লৈ ৰাজনীতি কৰাতো আৰু সম্ভৱ নহ’ব। অন্য অৰ্থত কংগ্ৰেছত নাথাকিব মুছলমানৰ ৰাজনীতি। অৱশ্যে সময়েহে ক’ব এই সিদ্ধান্তত সঠিক নে ভুল!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















