ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

কিডনি আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ৷ সূত্ৰৰ পৰা আৰম্ভ কৰি শৰীৰৰ হৰমনৰ ভাৰসাম্য, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণসহ একাধিক জৰুৰী কাম এই অংগই কৰে৷ সেয়ে সুস্থ থাকিবলৈ হ’লে বৃক্কৰ স্বাস্থ্য ঠিকে ৰখা জৰুৰী৷ মানুহৰ শৰীৰত দুটা কিডনি থাকে তাৰে এটা বিকল হলেও আনটোৱে কাম চলাব পাৰে৷ ফলত অন্যান্য অংগৰ দৰে প্ৰথমে কিডনিৰ ক্ষতি ধৰিব নোৱাৰি৷ ফলত বেছিভাগ কিডনিৰ সমস্যাৰেই চিকিৎসাত দেৰী হৈ যায়৷ কিডনিয়ে যদি ধীৰে ধীৰে কাম কৰা বন্ধ কৰি দিয়ে তেতিয়া নানান সংকেত দিবলৈ আৰম্ভ কৰে৷ বিশেষজ্ঞই কৈছে যে কিডনিৰ সমস্যাৰ প্ৰাথমিক লক্ষণসমূহ চকুত দেখা দিব পাৰে৷ য’ত উপেক্ষা নকৰি সময়মতে সতৰ্ক হোৱা সকলোতকৈ জৰুৰি৷

কিয় চকুত দেখা দিয়ে কিডনিৰ সমস্যাই?

চিকিৎসকে জনাইছে যে কিডনিয়ে সঠিকভাৱে কাম নকৰিলে দেহত টক্সিন জমা হৈ যায় তেতিয়া পানী আৰু খনিজৰ ভাৰসাম্য নষ্ট হয়৷ চকু যিহেতু অত্যন্ত সংবেদনশীল অংগ, সেয়ে শৰীৰৰ ভিতৰৰ পৰিবৰ্তন বহু সময়ত সেয়ে প্ৰথমে চকুতেই ধৰা পৰে৷ চকুৰ সংকেতক উপেক্ষা নকৰি সতৰ্ক থাকি কিডনি ফেইলাৰৰ আশংকা কমাব পাৰে৷ চকুত যি লক্ষণসমূহে কিডনি সমস্যাৰ ইংগিত দিব পাৰে সেইসমূহ হৈছে-

১. চকুৰ তলত ফোলাভাৱ- পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত চকুৰ তলত যদি ফোলাভাৱ থাকে তেন্তে সেয়া টোপনিৰ অভাৱ বা ক্লান্তিৰ কাৰণ নহবও পাৰে৷ কিডনিৰ অসুস্থতাই শৰীৰৰ পৰা প্ৰটিন বাহিৰলৈ যাব দিব পাৰে আৰু পানী জমা হৈ হৈ এই ধৰণৰ ফোলাভাৱে দেখা দিয়ে৷

২. দৃষ্টিশক্তি কমি যোৱা- হঠাৎ যদি জিলমিল দেখে বা একেবিধ সামগ্ৰীকেই দুবাৰ দেখে তেন্তে সেয়া উচ্চ ৰক্তচাপ আৰু ডায়াবেটিছৰ লক্ষণ হব পাৰে৷ যি আকৌ কিডনিৰ সমস্যাৰ সৈতেও জড়িত৷

৩. চকুত শুকান ভাৱ আৰু জ্বলাপোৰাঃ চকু বাৰে বাৰে শুকাই যোৱা, জ্বলাপোৰা ভাৱে দেখা দিলে শৰীৰত টক্সিন বাঢ়ি গৈছে বা খনিজৰ ভাৰসাম্য নষ্ট হৈছে বুলিও ধৰি লোৱা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *