যৌনতা আমাৰ জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত৷ ভোক লগা, টোপনি যোৱাৰ দৰে যৌনতাও মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি৷ কাৰোবাৰ কাষত ভালপোৱাৰ প্ৰকাশ, কাৰোবাৰ বাবে শাৰীৰিক পৰিতৃপ্তি, নিসন্দেহে শাৰীৰিক মিলন দুজন মানুহৰ মাজৰ সম্পৰ্কৰ ৰসায়নক আৰু দৃঢ় কৰে৷ সুস্থ জীৱনৰ বাবে সুখকৰ যৌনজীৱন খুবেই জৰুৰী৷
নিয়মিত মিলনে কেৱল যৌনসুখেই নিদিয়ে, শৰীৰৰ ওপৰত ইতিবাচক প্ৰভাৱো পেলায়৷ কিন্তু বহুতৰেই এক সমস্যা যে বয়স বাঢ়িলে বিশেষকৈ ৪০ বছৰৰ পাছত শাৰীৰিক মিলনত অনীয়া জন্মে৷ নেপথ্যত থাকে বহুতৰে শাৰীৰিক অসুস্থতা বা কোনো ৰোগত জটিলতা৷ এই সমস্যাৰ প্ৰভাৱ সম্পৰ্কতো পৰে৷ এই ক্ষেত্ৰত কেইটামান কৌশল মানি চলিলেই সম্পৰ্কৰ উষ্ণতা বৰ্তি থাকে৷
স্বাস্থ্যৰ যত্ন লওক
যৌন জীৱনৰ ওপৰত স্বাস্থ্যই প্ৰভাৱ পেলায়৷ ৪০ বছৰ বয়সৰ পাছত শাৰীৰিকভাৱে সক্ৰিয় থকা আৰু শৰীৰৰ যত্ন লোৱা খুবেই গুৰুত্বপূৰ্ণ৷
প্ৰতিদিনে ব্যায়াম কৰক
প্ৰতিদিনে কমেও ৩০ মিনিট খোজকঢ়া, জগিং, সাঁতোৰা, বা যোগব্যায়ামৰ দৰে ব্যায়াম কৰক৷ ই আপোনাৰ ষ্টেমিনা, নমনীয়তা আৰু ৰক্ত প্ৰবাহ বঢ়াব৷ ব্যায়ামে মানসিক চাপ কমায় আৰু যৌন জীৱন উন্নত কৰে৷
সুষম খাদ্য
ফল, পাচলি, গোটা শস্য আৰু কম প্ৰটিনযুক্ত খাদ্য খাওক৷ অত্যন্ত প্ৰক্ৰিয়াজাত খাদ্য, চেনী আৰু অস্বাস্থ্যকৰ ফেট এৰাই চলক৷ এই ধৰণৰ খাদ্যই যৌনজীৱনৰ ক্ষতি কৰিব পাৰে৷
পৰ্যাপ্ত পৰিমাণে পানী খাওক
পৰ্যাপ্ত পানী পান কৰাটো শৰীৰৰ ওপৰিও যৌনস্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ৷
যৌন স্বাস্থ্য সম্পৰ্কিত সমস্যা
৪০ বছৰৰ পাছত পুৰুষ কিংবা মহিলা উভয়েই যৌন স্বাস্থ্য সম্পৰ্কিত কিছু সমস্যাত পৰিব পাৰে৷ যাৰ পৰা বুজিব যে সঠিক চিকিৎসা কৰাৰ প্ৰয়োজনীয়তা আছে৷ যেনে ইষ্ট্ৰোজেন হৰমন কমি যোৱাৰ ফলত যৌন মিলনৰ সময়ত যোনি শুষ্কতা, পুৰুষৰ ইৰেকটাইল ডিছফাংছন বা লিংগ শিথিলতা ইত্যাদি৷
বিশেষজ্ঞৰ পৰামৰ্শ লওক
যৌন সমস্যাৰ সন্মুখীন হলে লজ্জাবোধ নকৰি বিশেষজ্ঞৰ সৈতে খোলাখুলিকৈ কথা পাতক৷ আপোনাৰ সমস্যা বুজি সঠিক চিকিৎসা কৰক৷
মানসিক চাপ কমাওক
ধ্যান, যোগব্যায়াম, গভীৰ শ্বাস প্ৰশ্বাস, প্ৰিয়জনৰ সৈতে সময় কটালে মানসিক চাপ কমে৷
পৰ্যাপ্ত টোপনি
প্ৰতিদিনে ৭-৮ ঘণ্টা ভাল টোপনিয়ে শৰীৰ আৰু মন উভয়ৰ বাবেই গুৰুত্বপূৰ্ণ৷ পৰ্যাপ্ত টোপনিয়ে শক্তি বৃদ্ধি কৰে আৰু যৌন আকাংক্ষা বঢ়ায়৷
কথা পাতক
যৌন জীৱন কেৱল শাৰীৰিকেই নহয় ই মানসিক বন্ধনৰ সৈতেও জড়িত৷ যাৰ মাজত আছে সংগীৰ সৈতে সময় কটোৱা৷ একেলগে চিনেমা চোৱা, মাজে মাজে বাহিৰলৈ ডিনাৰলৈ যোৱা৷ এজনে আনজনৰ সৈতে নিৰিবিলি সময় কটালেও সম্পৰ্কত ঘনিষ্ঠতা বাঢ়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















