মহিলাসকলে সঠিক আকাৰৰ অন্তৰ্বাস পিন্ধাটো অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ ব্ৰাৰ দৰে আণ্ডাৰৱেৰৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱা উচিত। বহু মহিলাই ভুল পৰিমাপৰ ব্ৰা পৰিধান কৰাৰ বাবে বক্ষ যুগলত বিৰূপ প্ৰভাৱ পৰাও দেখা যায়।
ভুল আকাৰৰ ব্ৰাই কেৱল গ্ৰীষ্মকালত অস্বস্তিৰ জন্ম নিদিয়ে, ই লগতে স্তনৰ গাঁথনিও ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰিও, ভুল আকাৰৰ ব্ৰা পিন্ধিলে কান্ধৰ বিষ, পিঠিৰ বিষৰ দৰে পাৰ্শ্বক্ৰিয়াও হ‘ব পাৰে। গতিকে ব্ৰা বাছনি কৰাৰ আগতে কিমান কথা মনত ৰাখিব লাগে।
লগতে পঢ়ক বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ
১. পেডেড ব্ৰা বাছনি নকৰিব:–
সকলো সময়তে পেডেড ব্ৰা ব্যৱহাৰ নকৰাই ভাল। তাৰ সলনি পেডেড নোহোৱা ব্ৰা এটা ব্যৱহাৰ কৰক। এইটো বহুত বেছি আৰামদায়ক। এই ধৰণৰ ব্ৰাই স্তনকোষবোৰ অধিক সক্ৰিয় কৰি ৰখাত সহায় কৰে।
২. স্তনৰ পৰিমাপ ল’বলৈ সঠিক ষ্ট্ৰাইপ ব্যৱহাৰ কৰক:–
সঠিক আকাৰৰ ব্ৰা ব্যৱহাৰ কৰাৰ আগতে, স্তনৰ আকাৰ সঠিক ধৰণে লোৱাটো গুৰুত্বপূৰ্ণ। ইয়াক সঠিক ধৰণে ব্যৱহাৰ কৰক। বহুসময়ত টেপটোৱে ভুল জোখ দিয়ে। স্তনৰ তলৰ অংশৰ পৰা জোখ লোৱা আৰম্ভ কৰক। ই সঠিক পৰিমাপ দিব৷
লগতে পঢ়ক অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!
৩. ব্ৰাৰ জোখৰ ব্যৱহাৰ ক্ষেত্ৰত সাৱধান হ’ব:–
ভাল ফিটা থকা ব্ৰা পিন্ধিলেই স্তনৰ আকাৰত বিৰূপ প্ৰভাৱ পৰাটোৰ পৰা ৰক্ষা নকৰে৷ আপুনি ফিটা কেনেদৰে ব্যৱহাৰ কৰে সেয়াও সমানে গুৰুত্বপূৰ্ণ। স্তনৰ পৰিমাপ লোৱাৰ সময়তো ফিটা অত্যাধিক জোৰেৰে টান বা ঢিলা নকৰিব। ইয়াৰ ফলত ভুল পিৰমাণপ পাব পাৰে।
৪. সঠিক ব্ৰা বাছনি কৰক:–
পুছ-আপ ব্ৰা, চিমলেছ ব্ৰা, মিনিমালিষ্ট ব্ৰা, স্পৰ্টচ ব্ৰা — প্ৰয়োজন আৰু আকাৰ অনুসৰি সঠিক ব্ৰা বাছনি কৰক।
৫. গোটেই স্তনৰ আকাৰ লওক:–
স্তনৰ পৰিমাপ লওঁতে স্তনৰ আংশিক জোখ নল’ব। সঠিক আকাৰৰ ফিটাৰে গোটেই স্তনৰ আকাৰ সঠিক ভাৱে লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ