অসম লাইভ ২৪ঃ মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হয় অসম বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰে পৰা ৰাজ্যৰ ৪০ টা সমষ্টিত আৰম্ভ হয় ভোটগ্ৰহণ। তৃতীয় তথা অন্তিম পৰ্যায়ত প্ৰায় ৭৯,১৯,৬৪১ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মুঠ ভোটাৰৰ ৪০,১১,৫৩৯ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৩৯,০৭,৯৬৩ গৰাকী। ৪০ টা সমষ্টিৰ ১১,৪০১ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰে পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে অনুষ্ঠিত হ’ব। কোভিড প্ৰট’কল মানি ভোটদান সাব্যস্ত ভোটগ্ৰহণ কেন্দ্ৰ সমূহত। ৪০ টা সমষ্টিৰ ভিতৰত ৪,১১,৬৩৬ গৰাকী ভোটাৰেৰে সৰ্বাধিক ভোটাৰ থকা সমষ্টি হৈছে দিছপুৰ আৰু সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি ধৰ্মপুৰ । ধৰ্মপুৰ সমষ্টিত আছে ১,৪১,৫৯২ গৰাকী ভোটাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















