ATM লেনদেনৰ চাৰ্জ বৃদ্ধি কৰিলে কোটাক মাহিন্দ্ৰা বেংকে৷ বেংকৰ নিজস্ব এটিএম আৰু অন্য বেংকৰ এটিএম দুই ক্ষেত্ৰতেই এই বৰ্ধিত চাৰ্জ ধাৰ্য্য হ’ব৷ ATM ব্যৱহাৰৰ ফি লিমিট পাৰ হোৱাৰ পাছতেই লেনদেনত চাৰ্জ দিব লাগিব ব্যৱহাৰকাৰীয়ে৷ ফাইনেন্সিয়েল আৰু নন ফাইনেন্সিয়েল দুই ক্ষেত্ৰতেই বঢ়োৱা হৈছে চাৰ্জ৷ বেংকৰ তৰফৰ পৰা এই বৃদ্ধিৰ কথা গ্ৰাহকক জনোৱা হৈছে৷ ১ মেৰ পৰা বৰ্ধিত চাৰ্জ লাঘু কৰিব বেংকে৷
ATM ব্যৱহাৰ কৰি ফাণ্ড এক্সেছ কৰিলে এয়া ফাইনেন্সিয়েল ট্ৰান্সেকছন হিচাপে বিবেচিত হয়৷ অৰ্থাৎ ATM ৰ পৰা টকা তোলা, টকা জমা দিয়া, ফাণ্ড ট্ৰান্সফাৰ কৰা, বিল জমা দিয়া সকলো ফাইনেন্সিয়েল লেনদেনৰ আওঁতাধীন৷ ফ্ৰি লিমিট পাৰ হৈ গলেই এই ধৰণৰ প্ৰতি লেনদেনৰ বাবে ২১ টকা চাৰ্জ দিব লাগে৷ এতিয়া সেই ফি বঢ়াই ২৩ টকা কৰা হৈছে৷
ATM ব্যৱহাৰ কৰি বেলেন্স চোৱা, মিনি ষ্টেটমেণ্ট উলিওৱা, ATM পিন পৰিবৰ্তন কৰা আৰু চেক বুকৰ ৰিকুৱেষ্ট কৰা নন ফাইনেন্সিয়েল লেনদেনৰ আওঁতাধীন৷ ফ্ৰি লিমিট পাৰ হোৱাৰ পিছত এই ধৰণৰ প্ৰতি লেনদেনত পূৰ্বে ৮টকা ৫০ পইছা চাৰ্জ দিব লাগে৷ এতিয়া সেয়া বৃদ্ধি হৈ হৈছে ১০ টকা৷
অন্য বেংকৰ ATM ব্যৱহাৰ কৰিলে প্ৰতি মাহত পাঁচ বাৰ ফ্ৰিতে টকা তুলিব পাৰে কোটাক মাহিন্দ্ৰা বেংকৰ গ্ৰাহকক৷ সেই সীমা পাৰ হ’লেই দিব লাগিব এই ফি৷ কোটাক মাহিন্দ্ৰা বেংকৰ ডেবিট কাৰ্ডৰ মাধ্যমেৰে এদিনত সৰ্বোচ্চ ৫০ হাজাৰ টকা তুলিব পাৰে গ্ৰাহকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ