হিন্দু পঞ্জিকা অনুসৰি, প্ৰতিবছৰে ভাদ মাহৰ চতুৰ্থ তিথিত উদযাপন কৰা হয় গণেশ চতুৰ্থী৷ চলিত বছৰত ২৭ আগষ্টত উদযাপিত হব গণেশ চতুৰ্থী৷ এই বছৰৰ গণেশ চতুৰ্থীত ৬টা শুভ যোগ তৈয়াৰ হব, যাৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকা লাভৱান হব৷
গণেশ চতুৰ্থীৰ দিনা তৈয়াৰ হব ৰবি যোগ, ধন যোগ, লক্ষ্মী নাৰায়ণ যোগ, গজৱ কেশৰী যোগ, শুভ যোগ আৰু আদিত্য যোগ৷ এই বছৰ গণেশ চতুৰ্থীত যি ৬টা শুভ যোগ তৈয়াৰ হৈছে তাৰ ফলত মিথুন আৰু কৰ্কট ৰাশিসহ মুঠ ৪ ৰাশিৰ ভাগ্য খুলিব আগন্তুক দিনত৷ জানি থওক গণেশ চতুৰ্থীৰ দিনা কোন কোন ৰাশিৰ জাতক লাভৱান হব?
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় শুভ হ’ব৷ আৰামেৰে দিনটো কটাব৷ বিলাসিতা বৃদ্ধি পাব৷ নতুন বাহন ক্ৰয়ৰ যোগ আছে৷ আৰ্থিক সংকটৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতক জাতিকাই৷ কৰ্মজীৱনত অগ্ৰগতি কৰিব৷ প্ৰেমত শুভ৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ভাগ্য খুলিব সেই দিনটোত৷ এই গণেশ চতুৰ্থীৰ পাছৰে পৰা এই ৰাশিৰ জাতক জাতিকাৰ বেংক বেলেন্স হঠাৎ বৃদ্ধি পাব৷ ৰৈ থকা ধন উভতাই পাব৷ পৈত্ৰিক সম্পত্তিৰ মাধ্যমেৰে লাভৱান হব৷ বিবাহিত জীৱন সুখৰ হব৷ কৰ্মজীৱনলৈ অগ্ৰগতি আহিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ এই সময়ত সন্মান আৰু আত্মবিশ্বাস বাঢ়িব৷ বিলাসিতা বৃদ্ধি হোৱাৰ ওপৰিও বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ প্ৰেম জীৱনলৈ সুদিন আহিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক জাতিকাই এই সময়ত শুভ ফল পাব৷ নতুন প্ৰকল্প আৰম্ভ কৰিব৷ ৰৈ থকা কাম নতুনকৈ আৰম্ভ কৰিব৷ ঘৰ বা সম্পত্তি ক্ৰয়ৰ যোগ আছে৷ ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ বিদেশত পঢ়াশুনা কৰিবলৈ যোৱাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















