কাইলৈ ২২ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰে চন্দ্ৰই কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ মাঘৰ শুক্লা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৰিয়ান যোগ আৰু পৰিঘ যোগৰ প্রভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব শতভিষা নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিত তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ২২ জানুৱাৰীত জীৱনত সুখ আৰু সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ সাহস, আত্মবিশ্বাস আৰু ধৈৰ্য্যৰে তুংগত থাকিব৷ শত্ৰুৱে আপোনাৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব৷ জনসেৱামূলক কামত অংশ লব৷ চাকৰিৰ চেষ্টা কৰিলে বন্ধুৰ সহায়ত ভাল চাকৰি পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷
মিথুন ৰাশি
কাইলৈ দিনটো সৌভাগ্য যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ সাফল্যৰ সৈতে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ কামত বাধা তৈয়াৰ কৰাৰ চেষ্টা কৰিলেও বিৰোধী ব্যৰ্থ হব৷ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতিকো অতিক্ৰম কৰিব পাৰিব৷ আইনী জটিলতাত জয়ী হব৷
কন্যা ৰাশি
কাইলৈ দিনটো বিশেষভাৱে ভাগ্যৰে পৰিপূৰ্ণ হৈ থাকিব কন্যা ৰাশিৰ জাতক৷ হঠাৎ কোনো সূত্ৰৰ পৰা অৰ্থলাভ কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হব পাৰে৷ যিসমূহ সমস্যাই ইমানদিনে কামত বাধা সৃষ্টি কৰিছিল সেই বাধা এইবাৰ দূৰ হব৷ ছাত্ৰছাত্ৰীসকলে বিশেষ উন্নতি কৰিব৷ ব্যৱসায়ত লাভ হব৷
তুলা ৰাশি
কাইলৈ শতভিষা নক্ষত্ৰৰ প্ৰভাৱত ডাঙৰ কোনো সাফল্যই অপেক্ষা কৰিছে তুলা ৰাশিৰ জাতকৰ বাবে৷ জ্ঞান, বুদ্ধি আৰু পৰিশ্ৰমেৰে প্ৰতিকূল পৰিস্থিতিকো জয় কৰিব৷ কেৰিয়াৰত কাইলৈ বৃহৎ সাফল্য লাভৰ যোগ আছে৷ কাইলৈ কিছু অতিৰিক্ত অৰ্থলাভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ মানসিক চাপ দূৰ হব৷
মকৰ ৰাশি
কাইলৈ দিনজুৰি লক্ষ্মীৰ আশীৰ্বাদ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ সমাজত বিশেষ প্রভাৱ প্ৰতিপত্তি অৰ্জন কৰিব পাৰে৷ সকলো বিষয়ত পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন থাকিব আপোনাৰ ওপৰত৷ যি কামতেই হাত দিব তাতেই সম্পূৰ্ণ সাফল্য পাব৷ অৰ্থ বিনিয়োগ কৰিলে লাভৱান হব৷ ব্যৱসায়তো লাভ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















