কাইলৈ ৮ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰে চন্দ্ৰই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়নৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
৮ জানুৱাৰী ২০২৬ গজকেশৰী যোগৰ প্ৰভাৱত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ দিনটো আপুনি আনন্দেৰে কটাব পাৰিব৷ হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে৷ সামাজিক কামত অংশ লোৱাৰ ফলত সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷
কন্যা ৰাশি
শোভন যোগৰ শুভ ফল কাইলৈ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ নাৰায়ণৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সংকট দূৰ হৈ নতুন পোহৰেৰে উজলি উঠিব৷ পুৰণি কোনো অসুখ থাকিলে কাইলৈ তাৰপৰা মুক্তি পাব৷ বিশেষ সাহস আৰু বুদ্ধিৰ পৰিচয় পাব পাৰে৷ সকলো কাম কাইলৈ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷
ধনু ৰাশি
মকৰ ৰাশি
পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ নাৰায়ণৰ কৃপাত সকলো সৌভাগ্য আপোনাৰ কাষত থাকিব৷ প্ৰচুৰ এনাৰ্জি থাকিব আপোনাৰ মনত৷ ইয়াৰ ফলত নিজৰ সকলো কামতেই সফল হব৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু ইয়াৰ ফলত পৰীক্ষাতো ভাল ফল পাব৷
মীন ৰাশি
৮ জানুৱাৰীত কোনো শুভ অনুষ্ঠানত অংশ ল’ব পাৰে মীন ৰাশিৰ জাতকে৷ সৌভাগ্য যোগৰ শুভ ফল লাভ কৰিব৷ অতিৰিক্ত কিছু অৰ্থলাভ কৰিব পাৰে৷ সমগ্ৰ দিন নানান কামত ব্যস্ত থাকিলেও সন্ধিয়া বন্ধুৰ সৈতে ভাল সময় কটাব৷ পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভ পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















