খাদ্য বা বাসস্থানৰ সমস্যা নাছিল। এলেকা দখলৰ যুঁজত নামি প্ৰতিদ্বন্দিৰ হাতত পৰাস্তও হোৱা নাছিল। একো অসুবিধা নোহোৱা স্বত্ত্বেও মহাৰাষ্ট্ৰৰ বিদৰ্ভৰ পৰা এটা বাঘে চাৰি ৰাজ্য ঘূৰি ফুৰি প্ৰায় ২০০০ কিঃমিঃ পথ অতিক্ৰমী ওড়িশাৰ দক্ষিণ পূৰ্বঘাট পৰ্বতমালাত উপস্থিত হৈছে। তাড়োহা ব্যাঘ্ৰপ্ৰকল্পৰ ব্ৰহ্মপুৰী বনাঞ্চলৰ বাসিন্দা বাঘটোক কিছুদিন ধৰি বিচাৰি ফুৰা হৈছিল। ডিঙিত ৰেডিঅ’ কলাৰ নথকাৰ বাবে বাঘটোক বিচাৰি পোৱাত সমস্যাই দেখা দিছিল বনবিভাগৰ লোকক। শেষ পৰ্যন্ত ওড়িশাৰ মহেন্দ্ৰগিৰি সংৰক্ষিত বনাঞ্চলত বাঘটোক বিচাৰি পোৱা গৈছে।
মুখ আৰু গাত কলা পেটাৰ্ণ থকাৰ বাবেই চিনাক্ত কৰা সক্ষম হৈছে। বন্যপ্ৰাণী বিশেষজ্ঞ আৰু বন দফতৰৰ অধিকাৰীসকলে প্ৰাথমিকভাৱে জনোৱা অনুসৰি, মনে বিচৰাধৰণৰ সংগী বিচাৰিয়েই এই দীৰ্ঘ পথ অতিক্ৰমী আহিছে বাঘটো। নদী, পাহাৰ, জনসমূদ্ৰ ভেদি বাঘটো ওড়িশালৈ আহিছে। মহেন্দ্ৰগিৰি এলেকাত সংগিনী নোপোৱাৰ বাবেই বাঘটোৱে এই যাত্ৰা আৰম্ভ কৰিছিল বুলি প্ৰকাশ কৰিছে বনবিভাগৰ দলে।
২০২৩ চনতেই বিদৰ্ভৰ টিপেশ্বৰ অভয়াৰণ্য এৰি সংগিনী বিচাৰি ওলাইছিল বাঘটোৱে। প্ৰায় ৩০০০ কিঃমিঃ খোজ কাঢ়ি সংগী বিচাৰি ৰেকৰ্ডো গঢ়িছিল বাঘটোৱে। খোজকাঢ়ি তেলংগানাত উপস্থিত হৈ জংঘলত ফুৰি পছন্দৰ সংগী নাপায় আকৌ পুৰণা এলেকালৈকে ওভটি গৈছিল। শেহতীয়াকৈ ওড়িশাত উপস্থিত হোৱা বাঘটোৱে দ্বিতীয় দীৰ্ঘত পথ পৰিভ্ৰমণ কৰি ৰেকৰ্ড গঢ়িছে। কিন্তু এই যাত্ৰাত আন এক কথা চৰ্চা হৈছে। বাঘৰ দৰে বিশালকায় প্ৰাণীটোৱে জনবহুল এলেকাৰ পৰা সকলোৰে নজৰৰ পৰা আঁতৰি কেনেকৈ যাত্ৰা কৰিলে? এইক্ষেত্ৰত বন্যপ্ৰাণী বিশেষজ্ঞৰ একাংশৰ মতে এই ক্ষেত্ৰত দিনৰ ভাগত বিশ্ৰাম লৈ নিশা জংঘল, নদী, ৰাস্তা পাৰ হৈছিল বাঘটোৱে। দীৰ্ঘ পথ লুকাই লুকাই পাৰ হৈছে বাঘটোৱে। সেয়ে সকলোৰে দৃষ্টি কাঢ়ি চাৰি ৰাজ্যৰ সীমা পাৰ হৈছে বাঘটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ