টিকটকত ভাইৰেল হোৱাৰ লগে লগে এক ভিডিঅ’-এ চ’ছিয়েল মিডিয়াত তোলপাৰ লগাইছে৷
ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী বৃ্দ্ধাই তিলিকতে এগৰাকী ২০ বছৰীয়া যুৱতীলৈ ৰূপান্তৰ হৈছে৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে চ’ছিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে৷ এগৰাকী ৮০ বছৰীয়া বৃদ্ধা ২০ বছৰীয়া যুৱতীলৈ ৰূপান্তৰ হোৱাটো কেনেকৈ সম্ভৱ?
জানিব পৰা মতে বৃ্দ্ধা গৰাকী এক বিশেষ প্ৰতিভাৰ অধিকাৰী৷ যি প্ৰতিভাৰ দ্বাৰা নিজকে ৮০ বছৰীয়া বৃ্দ্ধাৰ পৰা ২০ বছৰীয়া যুৱতীলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে৷
৮০ বছৰীয়া বৃদ্ধাগৰাকী নাম হৈছে জেম৷ @gemluvabeauty নামৰ এটা টিকটক একাউণ্ট চলাই আহিছে ৮০ বছৰীয়া বৃদ্ধাগৰাকীয়ে৷ উক্ত টিকটক একাউন্টৰ জৰিয়তে জেম নামৰ বৃদ্ধাগৰাকীয়ে নিজৰ দক্ষতা প্ৰকাশৰ ভিডিঅ’ শ্বেয়াৰ কৰে৷
শেহতীয়া ভিডিঅ’টোত দেখা গৈছে ৮০ বছৰীয়া বৃদ্ধাগৰাকী সঁচাকৈ হঠাতে ২০ বছৰীয়া যুৱতীলৈ ৰূপান্তৰ হৈছে৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বৃ্দ্ধাগৰাকীক সামাজিক মাধ্যমত ট্ৰ’ল কৰা হৈছে৷
বহুতে বৃ্দ্ধাগৰাকীক তাচ্ছিল্য কৰাৰ লগতে বিৰূপ মন্তব্য কৰিলেও বহুতে তেওঁক সমৰ্থন কৰা দেখা গৈছে৷ বহুতে বৃদ্ধাগৰাকীৰ দক্ষতাক স্বীকাৰ কৰি উৎসাহজনক মন্তব্যও কৰিছে৷
এতিয়া প্ৰশ্ন হৈছে, কিহৰ বলত বৃদ্ধাগৰাকী এইদৰে ২০ বছৰীয়া যুৱতীলৈ ৰূপান্তৰ হৈছিল?
বৃ্দ্ধাগৰাকীয়ে প্ৰকাশ কৰা মতে নিজে কৰা মেকআপৰ বলতে তেওঁ এগৰাকী ২০ বছৰীয়া যুৱতীলৈ ৰূপান্তৰ হৈছিল৷ বৃদ্ধা জেমৰ মতে মেকআপৰেৰে কেৱল মুখমণ্ডলৰে সৌন্দৰ্য বৰ্ধন কৰিব নোৱাৰি বা বয়সৰ চাপ আঁতৰাব নোৱাৰি৷
মেকআপেৰে দেহৰ গঠনো পৰিৱৰ্তন কৰিব পাৰি৷ অৰ্থাৎ বৃদ্ধ শৰীৰ গঠনো ৰূপান্তৰ কৰি যুৱতীলৈ ৰূপান্তৰ হ’ব পাৰি৷ বৃদ্ধা জেমৰ এই দাবীৰ পিছতে বহুতো সৌন্দৰ্য পিয়াসীয়ে এতিয়া বৃদ্ধা জেমক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















