অসম লাইভ ২৪ঃ কংগ্ৰেছ, আই ইউ ডি এফৰ একাংশ বিধায়কে ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ এয়াই কাৰণ ৬ সমষ্টিৰ ৩ সমষ্টিত উপ নিৰ্বাচনৰ৷ সমষ্টিয়ে সমষ্টিয়ে মনোনয়ন দাখিল পৰ্ব৷ ইয়াৰ মাজতে আৰু এক সম্ভাৱনাই গা কৰি উঠিছে৷ আৰু এগৰাকী কংগ্ৰেছ বিধায়ক বিজেপিমুখী৷ কিছুদিনৰ ভিতৰতে গেৰুৱা বসন পিন্ধিব ভাস্কৰজ্যোতি বৰুৱাই৷ কেউদিশে বু-বা চলিছে৷ এনে চৰ্চাৰ ভিত্তি নথকাও নহয়৷ দৰাচলতে ৰাজ্যত ছটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন৷ সেইবাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ ইয়াৰ মাজতে মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে লোহিত কোঁৱৰে তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে৷ লোহিত কোঁৱৰক মনোনয়ন দাখিলত সংগ দিয়ে apccৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই৷ আনহাতে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও মনোনয়ন পত্ৰ দাখিল কৰে৷ ৰূপজ্যোতি কুৰ্মীক সংগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী অতুল বৰা আদিয়ে৷ মহা শক্তিধৰ বিজেপিৰ মহাৰথী অহাৰ খবৰ পাই সাক্ষাৎ কৰি ধন্য হ’বলৈ আগবাঢ়ে তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা৷ বিজেপি নেতাসকলৰ সাক্ষাৎ পাই যেন গংগাত গা ধুলে ভাস্কৰজ্যোতি বৰুৱাই৷
গাটো ভাল লাগি গ’ল৷ কথা-বতৰাত মছগুল হ’ল ৰামেশ্বৰ তেলী, অতুল বৰা, ৰূপজ্যোতি কুৰ্মী আদিৰে৷ অন্তৰ খুলি কথা পাতিছে৷ তেনেতে তৎপৰ হৈ উঠিল সাংবাদিকৰ কেমেৰা৷ বন্দী হ’ল এই মধুৰ মুহূৰ্ত৷ ভাস্কৰজ্যোতি বৰুৱাই গম পালে, লগে লগে হাতেৰে মুখ ঢাকি নিজকে বচোৱাৰ চেষ্টা৷ পিছে হ’ব কি? তাৰ পূৰ্বে যি কৰিবলগীয়া আছিল, কেমেৰাই কৰি উঠিছে৷ ভাস্কৰজ্যোতি বৰুৱা এক্সপ’জড৷ বাহিৰে কেতেৰা জেঙেৰা, ভিতৰি নেৰিবা বেথা জাতীয় কথাবোৰ যে চলি আছে তাকো বুজিবলৈ আৰু বাকী নাথাকিল৷ যদি এই মধুৰতা অব্যাহত থাকে, তেন্তে হয়তো ভাস্কৰজ্যোতি বৰুৱাই তিতাবৰৰ পৰা আহি হেঙেৰাবাৰীৰ পদুম পুখুৰীত অচিৰেই জাপ দিব৷ বাকী সময়ে ক’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ