ভাৰতীয় উপমহাদেশেই নহয়, পৃথিৱীৰ সৰ্বত্ৰতেই টাইটানিক আজিও চৰ্চিত বিষয়৷ এইবাৰ সেই টাইটানিকক লৈয়েই নতুন তথ্য সন্মুখলৈ আহিছে৷ শেষ মুহূৰ্তত ঠিক কি ঘটিছিল অভিশপ্ত জাহাজখনৰ সৈতে? প্ৰযুক্তিৰ সহায়েৰে সেই তথ্য পোহৰলৈ আনিছে বিজ্ঞানীয়ে?
আটলাণ্টিকত টাইটানিক ডুব যোৱাৰ ১১৩তম বৰ্ষত National Geographicয়ে এখন নতুন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে৷ অত্যাধুনিক আণ্ডাৰৱাটাৰ স্কেনিং টেকনোলজিৰ সহায়ত ধ্বংসাৱশেষৰ ডিজিটেল পুননিৰ্মাণ ঘটোৱা হৈছে৷ চিত্ৰ নিৰ্মাতা এণ্টনি গেফেনে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে৷ ২০২২ চনতেই কাম আৰম্ভ হৈছিল এই ছবিৰ৷ এই তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সহায় লোৱা হৈছে Deep Sea Mapping সংস্থা Magellan-ৰ৷ এই তথ্যচিত্ৰতেই প্ৰকাশ হৈছে কেইবাটাও চাঞ্চল্যকৰ তথ্য৷
গৱেষণাত দেখা গৈছে জাহাজৰ ধ্বংসাৱশেষত Steam Valveৰ মুখ খোলা থকা দেখা গৈছে৷ গৱেষকৰ মতে যিমান ক্ষণ সম্ভৱ জাহাজৰ পোহৰ জ্বলাই ৰখা হৈছিল৷ এই ঘটনাৰ মৰ্মান্তিক তথ্য তুলি ধৰি গৱেষকে কৈছে, হিমবাহৰ সৈতে ধাক্কাৰ লগাৰ পাছতো জাহাজত পোহৰৰ ব্যৱস্থা আছিল৷ বিপদ সংকেত পঠিওৱা হৈছিল৷ শেষ মুহূৰ্ত পৰ্যন্ত যাত্ৰীৰ জীৱন ৰক্ষাৰ বাবে চেষ্টা চলোৱা হৈছিল৷
কিন্তু ইয়াৰ বাবে বয়লাৰ ৰূমত একাধিক জনৰ উপস্থিতি কাম্য৷ অৰ্থাৎ জাহাজৰ বাকী যাত্ৰীসকলে বঁচাবলৈ স্বেচ্ছায় নিজৰ জীৱন বিসৰ্জন দিয়ে কিছু কৰ্মীয়ে৷ জাহাজৰ সৈতে তেওঁলোকো আটলাণ্টিকৰ তলিত ডুব যায়৷ টাইটানিকৰ মাজভাগত দুটুকুৰা হৈ যায় বুলি হলিউড ছবিত দেখুওৱা হৈছিল৷ কিন্তু নতুন গৱেষণাত অন্য তথ্যহে প্ৰকাশ পাইছে৷
মাজভাগত দুটুকুৰা হোৱা নাছিল জাহাজখন৷ বৰং প্ৰচণ্ড জোৰে এভাগ অন্যভাগৰ পৰা পৃথক হৈ গৈছিল৷ ঠিক ফাৰ্ষ্ট ক্লাছ শ্ৰেণীৰ কেবিন মাজভাগত পৃথক হৈ পৰিছিল৷ টাইটানিক জাহাজত ফাৰ্ষ্ট অফিচাৰ হিচাপে মোতায়েন আছিল উইলিয়াম মাৰ্ডক৷ লাইফ বোটত যাত্ৰীসকলক উঠাত সহায় কৰি নিজেই পানীত সোমাই পৰিছিল, ইয়াৰোপৰি দুই এজনক গুলি কৰাৰ পাছত নিজৰ মূৰত বন্দুক লগাই আত্মঘাতী হয় বুলি ইমানদিনে কাহিনী প্ৰচলিত আছিল৷
কিন্তু নতুন গৱেষণাত জনা গৈছে মাৰ্ডকে আত্মহত্যা কৰা নাছিল৷ তেওঁ শেষ মুহূৰ্তলৈকে সহযোগীসকলক সহায় কৰি পানীত ডুব গৈছিল৷ লাইফবোটক কাষত তেওঁ উপস্থিত হব পৰা শক্তি হেৰুৱাই পেলাইছিল৷ টাইটানিক জাহাজত মুঠ ২০ টা লাইফবোট আছিল য’ত সৰ্বমুঠ ১২০০ যাত্ৰী যাব পাৰে৷ জাহাজত থকা ২২৪০ যাত্ৰী আৰু জাহাজৰ কৰ্মীৰ প্ৰাণ বচোৱাৰ বাবে এয়া যথেষ্ট নাছিল বাবেই মৃতকৰ সংখ্যা বেছি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ