অসম লাইভ ২৪ঃ টকিঅ’ পেৰালিম্পিকত অন্য এটা সোণৰ পদক অৰ্জন ভাৰতৰ৷ জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন কৰে সুমিত অন্টিলে৷ ক্লাচ f-64 শাখাত ৬৮.৫৫ মিটাৰ থ্ৰ’ কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ভাৰতীয় ক্ৰীড়াবিদগৰাকীয়ে৷ ইয়াৰ লগে লগে ভাৰতে অৰ্জন কৰে দ্বিতীয়টো স্বৰ্ণপদক৷ পূৰ্বে শ্বুটিঙত সোণৰ পদক অৰ্জন কৰিছিল অৱনী লাখেৰাই৷ বৰ্তমানলৈকে ভাৰতে মুঠ ৭টা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ পৰা মুঠ ৫৪গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে টকিঅ’ পেৰালিম্পিকলৈ৷ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে৷ ভাৰতৰ ‘গ’ল্ডেন বয়’ নীৰজ চোপ্ৰাইয়ো পেৰালিম্পিকত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য, ২৪ আগষ্টৰ পৰা আৰম্ভ হোৱা টকিঅ’ পেৰালিম্পিক গেমচ ৫ ছেপ্টেম্বৰত অন্ত পৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ