অসম লাইভ ২৪ঃ ক’ৰোনাৰ সংহাৰৰ মাজতে ৰাজ্যত নতুনকৈ ত্ৰাসৰ সৃষ্টি কৰিছে ‘স্ক্ৰাব টাইফাচ’ নামৰ এবিধ জ্বৰে৷ অসম আৰু উত্তৰ প্ৰদেশত বিভিন্ন স্থানত সম্প্ৰতি ‘স্ক্ৰাব টাইফাচ’ত আক্ৰান্ত হৈছে শতাধিক ব্যক্তি৷ ‘অৰিয়েণ্টিয়া চুচুগামোচি’ (orientia tsutsugamshi) নামৰ এবিধ বেক্টেৰিয়াৰ পৰা বিয়পিছে এই জ্বৰ৷ এই ভাইৰাছত আক্ৰান্ত এবিধ পতংগই কামুৰিলে ব্যক্তিৰ দেহলৈ সংক্ৰমিত হয় ভাইৰাছবিধ৷ পতংগবিধে কামোৰাৰ ১০ দিনৰ ভিতৰত এই ৰোগৰ লক্ষণসমূহে দেখা দিয়ে৷ জ্বৰ, মূৰৰ বিষ, গাৰ বিষ, খজুৱতি আৰু মাংসপেশীৰ বিষ আদি ‘স্ক্ৰাব টাইফাচ’ত আক্ৰান্ত হোৱাৰ লক্ষণ৷ এই ৰোগ সংক্ৰমণৰ ফলত ৰোগীৰ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, মগজু আৰু শ্বাসযন্ত্ৰ ফুলি উঠা, কিডনী বিকল লগতে শৰীৰৰ বিভিন্ন অংগ বিকল হোৱা আদি সমস্যাত ভূগি মৃত্যু হ’ব পাৰে ৰোগীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ