অসম লাইভ২৪ঃ টোল টেক্স বৃদ্ধিক লৈ সৰৱ ৰাজ্যবাসী৷ কাইলৈৰ পৰা বৃদ্ধি হ’ব টোলগেটৰ কৰ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাটো হ’ব অধিক ব্যয়বহুল৷ ৫-১০ শতাংশ অতিৰিক্ত কৰ ভৰিব লাগিব টোলগেটসমূহত৷ ৰাজ্যৰ প্ৰতিখন টোলগেটত পৃথক পৃথক হাৰত কৰ বৃদ্ধি৷ টোলকৰ বৃদ্ধিক লৈ সামাজিক মাধ্যমত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাইয়ো দিছে বিশেষ পোষ্ট৷
সত্যৰঞ্জন বৰাই লিখিছে,‘ টোল গেটৰ টকাৰেই সৰুসজাইত এ. আৰ. ৰহমানৰ অনুষ্ঠান আয়োজন কৰা হৈছিল নেকি? নহ’লে টোল গেটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়? টোল গেটৰ টকাৰেই অভিভাৱকে হেলিকপ্টাৰত ঘূৰি ফুৰে নেকি? নহ’লে টোল গেইটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়?
টোল গেটৰ টকাৰেই জালুকবাৰীৰ আমিনগাঁৱত International school প্ৰতিষ্ঠা কৰা হৈছে নেকি? নহ’লে টোল গেইটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়? টোল গেটৰ টকাৰেই এখন পিছত আন এখন চাহ বাগিছা কিনিছে নেকি ৰজা-ৰাণীয়ে? নহ’লে টোল গেটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়?টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকি? নহ’লে টোল গেটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়? টোল গেটৰ টকাৰে ৰাইজৰ কি কি কাম হৈছে বাৰু?
বাটে-পথে দুৰ্ঘটনাত পতিত হোৱা লোক সকলৰ চিকিৎসাৰ বাবে টোল গেটৰ পৰা সংগ্ৰহ কৰা ধন কাহানিবা ব্যৱহাৰ কৰা হৈছে নেকি? টোল গেটসমূহ আজিৰ সময়ৰ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট নেকি? কাৰণ, এটা সময়ত বাটত বেঞ্চ পাৰি ধনতোলা সকলেইটো আজি অসমৰ বহু কেইখন টোল গেইটৰ বছ্ (Boss)!
ৰাইজে, এতিয়া কি কৰিব? মোৰ মতে, ৰাইজে বাৰু নিজৰ সামূহিক মৰ্যাদা আৰু সুস্থিৰতাৰ বাবে; লগতে, শোষকৰ স্বৰূপত থকা শাসক বোৰক আকাশৰ পৰা মাটিলৈ নমাই আনিবলৈ, সংঘবদ্ধ ভাৱে, টোল গেইট সমূহ ভাঙি পেলাৱ নোৱাৰে নে? ভাবিৱচোন এবাৰ!’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ