অসম লাভই ২৪ঃ আৰৱ সাগৰত উৎপন্ন হোৱা ঘূৰণী বতাহ ‘তৌক্তে’ক লৈ দেশৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে এলার্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰণী বতাহ ‘তৌক্তে’ গোৱাত খুন্দা মাৰি এতিয়া গুজৰাটৰ দিশেৰে অতি তীব্ৰ গতিত আগবঢ়িছে। আনফালে কর্ণাটকত বতাহৰ মাজতে প্ৰচণ্ড বৰষুণৰ ফলত চাৰিগৰাকীকৈ লোকৰ মৃত্যুৰ বাতৰি আহিছে। ৰাজ্যখনৰ প্ৰায় ৭৩ খনকৈ গাঁও ঘূৰণী বতাহ ‘তৌক্তে’ৰ দ্বাৰা প্ৰভাৱিত হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে দেওবাৰৰ দিনটোৰ পুৱাই ঘূৰণী বতাহ ‘তৌক্তে’ই ৰূপ সলাইছে। অহা ১৮ মে’ৰ পুৱা পৌৰবন্দৰ আৰু ভাৱ নগৰৰ মাজেৰে গুজৰাট পাৰ কৰাৰ সম্ভাৱনা আছে। ঘূৰণী বতাহ ‘তৌক্তে’ সেই অঞ্চলসমূহত ১৫০ৰ পৰা ১৬০ কিলোমিটাৰ প্ৰতি ঘণ্টাত পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। লগতে প্ৰচণ্ড বৰষুণ হোৱাৰো সম্ভাৱনা আছে। কেৱল ইমানে নহয়, মহাৰাষ্ট্ৰ, কেৰালা আৰু গুজৰাটৰ সমুদ্ৰ কাষৰীয়া অঞ্চলসমূহ ৩ দিনলৈ বতাহ আৰু বৰষুণৰ আশংকা কৰা হৈছে। ‘তৌক্তে’ৰ প্ৰভাৱ তামিলনাডু, কর্ণাটক, লক্ষদ্বীপ, পশ্চিম ৰাজস্থান আদিত অত্যধিক হোৱাৰ সম্ভাৱনা আছে। ‘তৌক্তে’ক লৈ ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যসমূহৰ সচিবসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে বৈঠকত ভাগ লৈছে। সকলো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ থকাৰ নির্দেশ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ