বিশ্বজুৰি বিতৰ্ক, মাত্ৰ ৪৬ ছেকেণ্ডতে খেল শেষ, বিপক্ষত পুৰুষৰ পৰা মহিলা হোৱা খেলুৱৈ
পেৰিছ অলিম্পিকত ইটোৰ পিছত সিটোকৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে। মুকলি অনুষ্ঠানত হিজাব পৰিধান কৰা খেলুৱৈগৰাকীক নিষিদ্ধ কৰাৰ পিছতে আৰম্ভ হৈছে আন এক নতুন হুলস্থুলৰ। বৃহস্পতিবাৰে মহিলাৰ বক্সিং মেচ এখনক লৈ এইবাৰ নতুন বিতৰ্ক। য’ত এগৰাকী বক্সাৰ মাত্ৰ ৪৬ ছেকেণ্ডতে জয় হয়।
ইটালীৰ বক্সাৰ এঞ্জেলা কাৰিনিয়ে ৬৬ কেজি ৱেল্টৰ ৱেট শাখাত আলজেৰিয়াৰ লিংগ পৰিবৰ্তন কৰা বক্সাৰ ইমান খলিফৰ মুখামুখি হৈছিল। এই বিতৰ্কিত মেচখন মাত্ৰ ৪৬ ছেকেণ্ডতে শেষ হয়। বক্সাৰ এঞ্জেলা কাৰিনিয়ে অভিযোগ কৰে যে , ল’ৰাৰ ক্ষমতা থকা বক্সাৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বাধ্য কৰোৱা হৈছে।
উল্লেখ্য যে, এইবাৰ অলিম্পিকত লিংগ পৰিৱৰ্তন হোৱা বহু খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মহিলা শাখাত সুযোগ দিয়া হৈছে সেই খেলুৱৈক। সমগ্ৰ বিতৰ্ক এই বিষয়টোৰ ওপৰতে হৈ আছে। মহিলা খেলুৱৈসকলে কয় যে পুৰুষৰ শক্তি থকা খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাটো উচিত নহয়।
মেচখনত ২৫ বছৰীয়া এঞ্জেলা কাৰিনিৰ মুখত প্ৰচণ্ড ঘুচা মাৰিছিল ইমান খলিফে, যাৰ বাবে এঞ্জেলাৰ নাক ভাঙি গৈছিল। প্ৰশিক্ষকৰ পৰামৰ্শ লৈ এঞ্জেলা কাৰিনিয়ে মাত্ৰ ৪৬ ছেকেণ্ডতে প্ৰতিযোগিতা এৰি যোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছতে খেলখনত ইমান খলিফক বিজয়ী ঘোষণা কৰা হয়।
বিশেষ কথাটো হ’ল যে, খলিফে বিগত বৰ্ষত লিংগ পৰীক্ষাত বিফল হৈছিল। কিন্তু এইবাৰ অলিম্পিকত আলজেৰিয়াৰ ২৫ বছৰীয়া খলিফক মহিলা বক্সিঙত অংশগ্ৰহণৰ বাবে অনুমোদন দিয়া হৈছে। মহিলা শাখাত স্থান দখল কৰা তেওঁ দ্বিতীয়গৰাকী এনে এথলীট। অৱশ্যে যোগ্যতাৰ চৰ্ত পূৰণ নকৰাৰ বাবে যোৱা বছৰৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল।
বৰ্তমানে ইটালীৰ পৰাজয়ৰ পিছত সমগ্ৰ বিষয়টোক লৈ সৃষ্টি হৈছে হুলস্থুল তথা বিতৰ্কৰ। ইয়াৰ সন্দৰ্ভত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰতিযোগিতাখন একে স্তৰত নাছিল। আই অ’ চিৰ লগত তেওঁ একমত নহয়।
ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ কয়- ইটালীৰ খেলুৱৈসকলৰ সৈতে মোৰ এখন বৈঠক হৈছে। মই ভাবো পুৰুষৰ জিনীয় বৈশিষ্ট্য থকা খেলুৱৈসকলক মহিলা প্ৰতিযোগিতাত প্ৰৱেশ কৰা উচিত নহয়।
এই ক্ষেত্ৰত ইলন মাস্কেও মহিলা খেলুৱৈ এঞ্জেলাৰ সৈতে বৈষম্য হোৱা বুলি মত প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ