প্ৰত্যেকটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ পাছত নিজৰ ৰাশি পৰিবৰ্তন কৰে, যাৰ ফলত বহু সময়ত আশ্চৰ্যজনক যোগ বা সংযোগ সৃষ্টি হয়৷ একাধিক গ্ৰহই যেতিয়া এক ৰাশিত একত্ৰিত হয় তেতিয়াই শুভ আৰু অশুভ উভয় প্ৰকাৰৰ যোগ গঠিত হয়৷ আসন্ন দিনত সিংহ ৰাশিত একেলগে তিনিটা প্ৰধান গ্ৰহৰ মিলন ঘটিব, যাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰিব৷ জানি থওক কোন কোন গ্ৰহৰ মিলন হ’ব আৰু কোন কোন ৰাশিৰ ওপৰত তাৰ কি কি প্ৰভাৱ পৰিব পাৰে?
৩০ আগষ্টত সিংহ ৰাশিত ত্ৰিগ্ৰহী ৰাজযোগ গঠিত হব, যি চলিব ১৫ ছেপ্টেম্বৰ পৰ্যন্ত৷ বৰ্তমান সিংহ ৰাশিত কেতু আৰু সূৰ্যৰ অৱস্থান কৰিছে আৰু ৩০ আগষ্টত বুধেও সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত ত্ৰিগ্ৰহী ৰাজযোগ সৃষ্টি হব৷ এই বিশেষ যোগৰ ইতিবাচক প্ৰভাৱ পৰিব তিনি ৰাশিৰ ওপৰত৷ এই তিনি ৰাশি কি কি?
মিথুন ৰাশি
ত্ৰিগ্ৰহী ৰাজযোগৰ প্ৰভাৱত মিথুন ৰাশিৰ ওপৰত অত্যন্ত ইতিবাচক হব৷ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ থকা কামসমূহ সম্পন্ন হব৷ আইন আদালতৰ গোচৰৰ ৰায় আপোনাৰ পক্ষে আহিব পাৰে৷ কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতিৰ সুযোগ তৈয়াৰ হব৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য অৰ্জন কৰিব পাৰে৷ সমাজত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ শাৰীৰিক আৰু মানসিক কষ্টৰ পৰা মুক্তি পাব৷
কৰ্কট ৰাশি
ত্ৰিগ্ৰহী ৰাজযোগে কৰ্কট ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ মাটি, সম্পত্তি বা গাড়ী ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ নতুন বৱসায় আৰম্ভ পৰিকল্পনা সফল হব আৰু আপোনাৰ বাবে শুভ ফল দিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব ফলত আৰ্থিক অৱস্থা আৰু শক্তিশালী হব৷ অবিবাহিতসকলৰ বিবাহ ঠিক হব পাৰে৷
কুম্ভ ৰাশি
ত্ৰিগ্ৰহী ৰাজযোগ কুম্ভ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ কাম আৰু ব্যৱসায়ত উন্নতি হব৷ সন্তানৰ পক্ষৰ পৰা সুখবৰ আহিব পাৰে৷ যিসকলে সন্তানৰ প্ৰত্যাশা কৰিছে তেওঁলোকৰ সুখৰ সংবাদ পাব পাৰে৷ ভাগ্যৰ সহায়তাত বহুদিনৰ অসম্পূৰ্ণ কাম সম্পন্ন হব৷ ভ্ৰমণৰ সম্ভাৱনা আছে যি লাভজনক হব৷ স্বাস্থ্যৰ উন্নতিও হব৷
ইয়াৰোপৰি শিক্ষাৰ্থী বা প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ থকাসকলৰ সাফল্য অৰ্জনৰ সম্ভাৱনা আছে৷ ভ্ৰমণ, নতুন প্ৰকল্প বা বিনিয়োগৰ ক্ষেত্ৰত সুফল পাব পাৰে৷ স্বাস্থ্য আৰু মানসিক শান্তিও উন্নতিৰ দিশলৈ যাব৷ এই সময়ত ভাগ্য আপোনাৰ সৈতে থাকিব আৰু পুৰণি অমীমাংসিক কামো সম্পন্ন হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















