আকৌ এবাৰ মাৰ্কিন মুলুকৰ দায়িত্ব নিজৰ হাতত তুলি ল’লে ডোনাল্ড ট্ৰাম্পে৷ ৪৭সংখ্যক প্ৰেছিডেণ্ট হিচাপে আকৌ এবাৰ ক্ষমতালৈ আহিছে ট্ৰাম্প৷ বুধবাৰে ফলাফল ঘোষণাৰ পাছতেই উল্লাসত ফাটি পৰিছে আমেৰিকাবাসী৷ ইয়াৰপাছতেই নিজৰ ভাষণত আকৌ এবাৰ সোণৰ আমেৰিকা গঢ়িম বুলি কথা দিছে ডোনাল্ড ট্ৰাম্পে৷
দেশবাসীক শুভেচ্ছা জনাই ট্ৰাম্পে কয়, ‘এই জয় ঐতিহাসিক৷ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক যুঁজ আছিল এই যুঁজ৷ এই যুঁজৰ শেষত মই আমেৰিকাবাসীক ধন্যবাদ জনাইছো৷’ ট্ৰাম্পে দাবী কৰে, ‘অনুপ্ৰৱেশ সমস্যাৰ পৰা ইউএফও ৰহস্য, যাৱতীয় বিষয়ত সমাধান কৰিব তাৰ চৰকাৰে৷ তেওঁ আকৌ কয়, ‘আমেৰিকাই সমগ্ৰ বিশ্বত আকৌ এবাৰ নিজৰ শক্তি দেখুৱাব৷ আমেৰিকাই যি চিন্তাধাৰা কৰে সমগ্ৰ বিশ্বই সেয়া মানি লয়৷ এই ধৰণৰ ৰাজনৈতিক জয় আমেৰিকাই পূৰ্বে দেখা নাই৷ দেশৰ প্ৰতিজন মানুহক আৰু অধিক আগুৱাই নিয়াৰ দায়িত্ব মোৰ৷’
তেওঁ লগতে কয়, ‘যিসকলে আমেৰিকাৰ কাষত থাকিব তেওঁলোকৰ বাবে সৰ্বদা কাম কৰিব আমেৰিকাই৷ কমলা হেৰিছৰ সন্মুখত ইতিহাস তৈয়াৰ কৰাৰ সুযোগ আছিল৷ ২৭০ মেজিক ফিগাৰ পাৰ কৰিছে ট্ৰাম্পে৷ তেওঁ পাইছে ২৭৭টা ভোট৷ অন্যহাতে কমলা হেৰিছে পাইছে ২২৬টা ভোট৷ ট্ৰাম্পৰ এই জয়ত সুখী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ মোদীয়ে লগে লগেই টুইটযোগে শুভেচ্ছা জনাইছে ট্ৰাম্পক৷ এতিয়া মাথো সকলোৰে অপেক্ষা ট্ৰাম্পৰ সোণৰ আমেৰিকা কেনে হয় সেয়া চাবৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ