আমেৰিকাত ৰাষ্ট্ৰপতিৰ আসনত বহিয়েই এটাৰ পাছত আনটো নিয়ম সলনি কৰিছে ডোনাল্ড ট্ৰাম্পে৷ এইবাৰ ট্ৰাম্পে লোৱা এক সিদ্ধান্তক লৈ আচৰিত হৈছে বিশ্ব৷ এনে কি আদেশনামাত চহী কৰিছে ডোনাল্ড ট্ৰাম্পে যাৰবাবে হতচকিত হৈছে সমগ্ৰ বিশ্ব?
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে আমেৰিকাৰ শিক্ষা বিভাগক নিৰ্মূল কৰাৰ লক্ষ্যৰে এক আদেশপত্ৰত চহী কৰিছে৷ যাৰ অৰ্থ এককথাত আমেৰিকাত আৰু নাথাকিব কোনো শিক্ষা দপ্তৰ৷ কি হ’ব ইয়াৰ ফলত? ইয়াৰ অৰ্থ আমেৰিকাৰ কেন্দ্ৰীয় প্ৰশাসন আৰু তাৰ শিক্ষাৰ নামত কোনো ব্যয় নকৰে ট্ৰাম্প চৰকাৰে৷ হোৱাইট হাউছে শিক্ষাৰ বাবদ আৰু কোনো ধৰণৰ ব্যয় নকৰে৷
চৰকাৰে ব্যয় নকৰিলে কেনেকৈ চলিব শিক্ষা প্ৰতিষ্ঠানসমূহ? শিক্ষা সংক্ৰান্তিয় সমস্ত সিদ্ধান্ত এইবাৰ নিজেই ল’ব আমেৰিকাৰ প্ৰদেশসমূহে৷ চহী কৰি ট্ৰাম্পে নিজেই জনাইছে যে এই আদেশনামাই ফেডাৰেল শিক্ষা বিভাগক নিৰ্মূল কৰিব৷ ইয়াৰ সৈতে তেওঁ জনাই যে এতিয়াৰে পৰা শিক্ষা দপ্তৰক কোনো ধৰণৰ সাহায্য আগনবঢ়াই চৰকাৰে৷
উল্লেখ্য যে ১৯৭৯ চনত আমেৰিকাত শিক্ষা বিভাগক কেন্দ্ৰীয় প্ৰশাসনৰ আওতাত অনা হৈছিল৷ কোৱা হৈছিল শিক্ষা বিভাগ কংগ্ৰেছৰ অনুমোদন অবিহনে কোনোৱে বন্ধ কৰিব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ