প্ৰেম কেৱল মনৰ মিলন হ’লেও সেই প্ৰেমক ধৰি ৰাখিবলৈ শাৰীৰিক চাহিদা অপ্ৰীয় সত্য৷ প্ৰেমক সফল ৰূপ দিবলৈ বহুতেই বিবাহপাশত আৱদ্ধ হয়৷ বহুতেই এই সম্পৰ্কক মুক্ত সম্পৰ্ক হিচাপেই ধৰি ৰাখে৷ কিন্তু দুয়োটি সম্পৰ্কতেই শৰীৰি মিলনৰ বিষয়টোক আপুনি প্ৰকাশ্যে নকলেও উপলুঙাও কৰিব নোৱাৰে৷ বহু সময়ত সম্পৰ্ক ধৰি ৰখাৰ মাপকাঠিয়ে হৈ পৰে যৌনতা৷ মন ভৰা ভালপোৱাৰ সৈতে প্ৰাণ ভৰি যোৱা যৌনতাও জীৱনত প্ৰয়োজনীয়৷
বিশেষজ্ঞই কৈছে, বহু দম্পত্তিতেই গুগলত চাৰ্ছ কৰে যে সম্পৰ্ক ধৰি ৰাখিবলৈ যৌনতাৰ প্ৰয়োজন আছেনে? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি বিশেষজ্ঞই এক সমীক্ষা চলাইছিল৷ তেওঁলোকে লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি কৈছে যে এইক্ষেত্ৰত কোনো মাপকাঠি বা নিয়ম নাই৷ বহু পৰিমাণে নিৰ্ভৰ কৰে দম্পত্তিৰ মাজৰ ৰসায়নৰ ওপৰত৷ সম্প্ৰতি এক মাৰ্কিন বিশ্ববিদ্যালয়ে এই বিষয়ৰ ওপৰত এক সমীক্ষা চলাই৷ এই সমীক্ষাত দুভাগত ভাল কৰা হৈছে দম্পত্তিসকলক৷ যিসকলে সপ্তাহত অন্তত এবাৰ যৌনতাত লিপ্ত হয়৷ আৰু এভাগত ৰখা হৈছে যিসকলে দুসপ্তাহত এবাৰ সংগমত লিপ্ত হয়৷
এই সমীক্ষাত পোৱা তথ্য অনুসৰি প্ৰথমভাগৰ দম্পত্তিয়ে জনাইছে যে যৌনতাই ষ্ট্ৰেছ দূৰ কৰে আৰু সংগীৰ সৈতে সম্পৰ্ক উন্নত হৈ পৰে৷ অন্যহাতে দ্বিতীয়ভাগৰ দম্পত্তিয়ে ভাৱে যে যৌনতাত তেওঁলোকে বিশেষ সুখ নাপায়৷ তেওঁলোকৰ বাবে যৌনতা কেৱল এক ৰুটিনৰ দৰে৷ এই সমীক্ষা চলিছে প্ৰায় চাৰে তিনি হাজাৰ দম্পত্তিৰ মাজত৷ বিশেষজ্ঞই কৈছে, নিজৰ ভালপোৱাত দৃঢ় আৰু মানসিকভাৱে সুখী কৰিবলৈ শাৰীৰিক চাহিদা খুবেই প্ৰয়োজনীয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















