কাইলৈ ১৪ অক্টোবৰ ২০২৫ মঙলবাৰে চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ আহিনৰ কৃষ্ণা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শিৱ যোগ আৰু সিদ্ধ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব পুনৰ্বাসু নক্ষত্ৰ আৰু পুষ্য নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্রভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ১৪ অক্টোবৰ শিৱ যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈৰ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখৰ পৰিবেশ থাকিব৷ প্ৰয়োজনত জীৱনসংগীক কাষত পাব বৃষ ৰাশিৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হব পাৰে৷
সিংহ ৰাশি
কাইলৈ পুনৰ্বাসু নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ নেটৱৰ্ক কাইলৈ শক্তিশালী কৰিব পাৰিব আপুনি৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে আপোনাৰ ভাল সম্পৰ্ক থাকিব৷ মানসিক চাপমুক্ত হৈ কাইলৈৰ দিনটো কটাব মীন ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কোনো লক্ষ্য পূৰণ কৰিব পাৰিব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















