অসম লাইভ২৪ঃ প্ৰাইভেট জেট বিমানেৰে ফুৰিবলৈ গৈছিল জনপ্ৰিয় এগৰাকী ৰূপসজ্জাকাৰী। বুৰকু সাগলাম নামৰ সৌন্দৰ্য বিশেষজ্ঞাই যাত্ৰা কৰা ব্যক্তিগত জেটখনত উৰন্ত অৱস্থাতেই হঠাতেই জুই লাগে। জুই লাগি মাজ আকাশতে চূৰ্ণ বিচুৰ্ণ হৈ পৰে জেটখন। ঘটনাটোত লগে লগেই মৃত্যু ঘটিছে সৌন্দৰ্য বিশেষজ্ঞাগৰাকীৰ। কিন্তু কিয় হঠাতেই বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমত এই সৌন্দৰ্য বিশেষজ্ঞাগৰাকীৰ চৰ্চা আৰম্ভ হৈছে?
বিমান দুৰ্ঘটনাত মৃত্যুক সাবটি লোৱা সৌন্দৰ্য বিশেষজ্ঞাগৰাকীৰ নাম হৈছে বুৰকু। মৃত্যুৰ সময়ত বুৰকুৰ বয়স হৈছিল মাত্ৰ ২২ বছৰ। তেওঁ আছিল তুৰস্কৰ বাসিন্দা। ১ ডিচেম্বৰ, বৃহস্পতিবাৰে বুৰকু আৰু তেওঁৰ বিমান চালক হাকান কোকছালে তুৰস্কৰ ছাকাৰিয়া প্ৰদেশৰ পামুকোভাৰ পৰা আবেলি ৩ বজাত যাত্ৰা কৰিছিল। বিমানত উঠাৰ পূৰ্বে বুৰকুৱে সামাজিক মাধ্যমত দিছিল বিশেষ আপডেট।
উৰণৰ ২০ মিনিট পাছতেই বিমানত যান্ত্ৰিক বিজুতি ঘটে। হঠাতেই বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাই। এখন পাহাৰত খুন্দা মাৰে বিমানখনে। ঘটনাত লগে লগেই মৃত্যুক আঁকোৱালি লয় বুৰকুৱে। কিন্তু মৃত্যুৰ পূৰ্বে বুৰকুৱে ইনষ্টাগ্ৰামত দিয়ে বিশেষ পষ্ট। বুৰকুৱে বিশেষ পষ্টটোত লিখিলে, ‘মই ইনষ্টাগ্ৰামৰ পৰা চিৰবিদায় মাগিছো।’ কেৱল পষ্ট লিখাই নহয় এটা ভিডিঅ’ও শ্বেয়াৰ কৰি বুৰকুৱে লিখে, ‘বিদায়’।
উল্লেখ্য যে, অনুসন্ধানকাৰী দলটোৱে ওছমানগাজিৰ প্ৰাকৃতিক গেছ কাৰখানাৰ কাষৰ পৰা বিমানখনৰ ভগ্নাশেষ উদ্ধাৰ কৰিছে। বিমানৰ ভগ্নাংশৰ লগতে বুৰকু আৰু বিমান চালকৰো মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ