অসম লাইভ ২৪ঃ টুইটাৰে এক ঘণ্টাৰ বাবে বন্ধ ৰাখিলে ৰবিশংকৰ প্ৰসাদৰ একাউণ্ট। ৰবিশংকৰ প্ৰসাদৰ বিৰুদ্ধে বিধি উলংঘাৰ অভিযোগ উত্থাপন কৰে টুইটাৰ কৰ্তৃপক্ষই। বিগত কিছুদিনৰ পৰা টুইটাৰ কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰৰ মাজত মতভেদৰ সৃষ্টি হৈ আহিছে। ভাৰত চৰকাৰৰ নতুন it বিধিক লৈ অসন্তুষ্ট টুইটাৰ কৰ্তৃপক্ষ। শুকুৰবাৰে কপিৰাইট আইন ভংগৰ অভিযোগত কেন্দ্ৰীয় তথ্যপ্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ টুইটাৰ একাউণ্ট বন্ধ ৰাখে কৰ্তৃপক্ষই। টুইটাৰৰ ভাৰতীয় বিকল্প ‘কু’ এপত তেওঁ কয়, ‘আজি এক অত্যন্ত আশ্বৰ্য্যকৰ ঘটনা ঘটিলে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডিজিটেল মিলেনিয়াম কপিৰাইট আইন ভংগৰ অভিযোগত টুইটাৰে প্ৰায় ১ ঘণ্টা বন্ধ ৰাখিলে একাউণ্ট’। পাছত টুইটাৰ একাউণ্ট সক্ৰিয় হোৱাৰ পাছত পোষ্ট শ্বেয়াৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
Friends! Something highly peculiar happened today. Twitter denied access to my account for almost an hour on the alleged ground that there was a violation of the Digital Millennium Copyright Act of the USA and subsequently they allowed me to access the account. pic.twitter.com/WspPmor9Su
— Ravi Shankar Prasad (@rsprasad) June 25, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ