ছত্তীশগড়ৰ সুকমা জিলাত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণ। জোৱানৰ চলাচল কৰা পথতেই নক্সালবাদীয়ে কৰাইছে আই ই ডি বিস্ফোৰণ৷ জোৱানৰ ট্ৰাকক লক্ষ্য কৰি নক্সালবাদীয়ে এই বিস্ফোৰণ সংঘটিত কৰে। এই ঘটনাত চি আৰ পি এফৰ দুজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে কেইবাজনো জোৱান আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷ সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ চাভানে বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে।
আৰক্ষী অধীক্ষক কিৰণ চাভানে কয় যে, জাগৰগুণ্ডা অঞ্চলৰ অন্তৰ্গত কেম্প চিলগাৰৰ পৰা ২০১ কোব্ৰা কৰ্পছৰ জোৱান আৰু চি আৰ পি এফ জোৱান অন্য এটি কেম্পলৈ ৰাওনা হোৱাৰ সময়তে এই বিস্ফোৰণ৷ এই কনভয়ত আছিল ট্ৰাক আৰু মটৰ চাইকেল। কেম্প চিলগাৰৰ পৰা টেকালগুডেমলৈ যোৱাৰ পথত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ উদ্দেশ্যে আই ই ডি স্থাপন কৰিছিল।
চাভানে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ দলটোৱে প্ৰায় ৩ বজাত যাত্ৰা কৰিছিল৷ যাত্ৰাপথতেই এই বিস্ফোৰণ সংঘটিত কৰিছে নক্সালবাদীয়ে৷ ট্ৰাক চালকসহ এজন যুৱক থিতাতে শ্বহীদ হয়। শ্বহীদ জোৱানদুজন ক্ৰমে বিষ্ণু আৰ আৰু শৈলেন্দ্ৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা শ্বহীদ জোৱানকেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ