অসম লাইভ ২৪ঃ কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণত আক্ৰান্ত ভাৰতৰ দুগৰাকী ব্যক্তি৷ কৰ্ণাটকৰ দুগৰাকী ব্যক্তি আক্ৰান্ত হৈছে অমিক্ৰণত৷ ইয়াৰ পাছতে ভাৰত চৰকাৰে কোভিডক লৈ কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে৷ কিছু সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ বিমান যাত্ৰী, জাহাজঘাট, ৰে’লৱে ষ্টেচনত বিশেষ সতৰ্কতা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই৷ দেশজুৰি কোভিড নিয়ন্ত্ৰণ ব্যৱস্থা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷ বিশেষভাৱে সতৰ্কতা জাৰি কৰিছে দিল্লী আৰু কৰ্ণাটক, মধ্যপ্ৰদেশ, জম্মুকশ্মীৰ আৰু উত্তৰাখণ্ডত৷ ইফালে বিশ্বৰ ৬ খন দেশক বিপজ্জনক হিচাপে চিহ্নিত কৰিছে ভাৰতে৷ দক্ষিণ আফ্ৰিকা, বটছৱানা, নামিবিয়া, লাছুথু, জিম্বাৱৱে আৰু এশ্বৱাটিনিৰ পৰা অহা যাত্ৰী ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য বিভাগে৷ RTPCR টেষ্ট বাধ্যতামূলক কৰিছে এইসকল যাত্ৰীৰ বাবে, লগতে ৭ দিনৰ হোম কোৱাৰেণ্টিনৰ নিৰ্দেশ৷ কিন্তু ৫ বছৰৰ তলৰ শিশুক কোভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















