গানৰ শ্ব’ত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ তৰুণীত ওঁঠত ওঁঠ থোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ সৃষ্টি হৈছিল বিতৰ্ক৷ চুমাকাণ্ডক লৈ সামাজিক মাধ্যমত তীব্ৰ সমালোচনাও হৈছিল উদিত নাৰায়ণৰ৷ সেই বিতৰ্ক কিছু পৰিমানে কমাৰ সময়তেই এইবাৰ আইনী বিপাকত সোমাই পৰিছে উদিত নাৰায়ণ৷ এইবাৰ তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে তেওঁৰ প্ৰথমা প্ৰথমী পত্নী ৰঞ্জনা ঝাই৷
ৰঞ্জনা ঝাৰ অভিযোগ যে তেওঁক সম্পত্তিৰ পৰা বঞ্চিত কৰা হৈছে৷ প্ৰথমা স্ত্ৰীৰ অভিযোগৰ ভিত্তিত বিগত ২১ ফেব্ৰুৱাৰীত বিহাৰৰ সুপৌল পাৰিবাৰিক আদালতত হাজিৰ হৈছিল উদিত নাৰায়ণ৷ তেওঁ এই অভিযোগৰ মীমাংসাৰ পৰিবৰ্তে ৰঞ্জনাৰ বিৰুদ্ধে ওলোটাই অভিযোগ আনিছিল৷ গায়কৰ দাবী, ৰঞ্জনাই তেওঁ পৰা টকা ওলিওৱাৰ ধান্দা কৰিছে৷ এই গোচৰৰ পূৰ্বেও অৱশ্যে বিতৰ্কত সোমাইছে উদিত নাৰায়ণ৷ বিহাৰৰ মহিলা কমিছনতো উদিত নাৰায়ণৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল৷ তেতিয়া সেই গোচৰৰ নিষ্পতি হৈ যায়৷ কাৰণ তাত দুই পক্ষই মীমাংসা কৰি লৈছিল৷
সেই গোচৰৰ পৰা জনা যায় যে প্ৰথমা স্ত্ৰী ৰঞ্জনা ঝাক পূৰ্বে প্ৰতি মাহে ১৫ হাজাৰ টকাকৈ পঠিয়াই আহিছিল উদিত নাৰায়ণে৷ ২০২১ চনত সেই অংক বাঢ়ি হয় ২৫ হাজাৰ৷ ইয়াৰোপৰি প্ৰথমা স্ত্ৰীক খেতিবাতিৰ বাবে এটুকুৰা মাটিও দিছিল উদিত নাৰায়ণে৷ ইয়াৰ সৈতে দিছিল ১ কোটি টকাৰ এটা ঘৰ আৰু ২৫ লাখ টকাৰ গহনা৷ এইসমূহ কথা জানিছিল মহিলা কমিছনেও৷ কিন্তু সেই গহনা পাছলৈ নিজেই বিক্ৰি কৰি দিয়ে ৰঞ্জনা ঝাই৷
ইফালে ৰঞ্জনা ঝাই তেওঁৰ অধিবক্তাৰ জৰিয়তে জনাইছে যে তেঁও তেওঁৰ বাকী থকা জীৱন উদিত নাৰায়ণৰ সৈতে কটাব খোজে৷ বাৰ্ধক্য আৰু শাৰীৰিক অসুস্থতাৰ কাৰণেই এই ইচ্ছা প্ৰকাশ কৰিছে তেওঁ৷ ইফালে আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ ওচৰত ৰঞ্জনাৰ অভিযোগ তেওঁৰ গায়ক স্বামীয়ে তেওঁক উপেক্ষা কৰিছে আনকি তেওঁৰ মাটি বিক্ৰিৰ ধন ১৮ লাখ টকা নিজৰ হাতত ৰাখিছে৷ ইয়াতেই শেষ নহয়, ৰঞ্জনাৰ অভিযোগ যে তেওঁ মুম্বাইলৈ গ’লে তেওঁ পিছত দুষ্কৃতিকাৰীও লগাই দিয়ে উদিত নাৰায়ণে৷
উল্লেখ্য যে ১৯৮৫ চনত দীপা গহত্ৰাজক বিয়া কৰাইছিল উদিত নাৰায়ণে৷ তেওঁৱো এগৰাকী গায়িকা৷ দীপা নেপালৰ কন্যা৷ তেওঁ মুম্বাইলৈ আহিছিল গায়িকা হ’বৰ বাবে৷ সেই সূত্ৰে আলাপ হয় উদিত নাৰায়ণৰ সৈতে৷ বিবাহৰ পৰবৰ্তী সময়ত তেওঁলোকৰ এদি সন্তানো জন্ম হয়৷ যাৰ নাম আদিত্য নাৰায়ণ৷ তেঁও বৰ্তমান বলীউডৰ সুপ্ৰতিষ্ঠিত গায়ক আৰু সঞ্চালক৷ ইয়াতেই প্ৰশ্ন হয় দীপাৰ সৈতে বিবাহৰ পূৰ্বেই ৰঞ্জনাক বিয়া কৰাইছিল নেকি উদিত নাৰায়ণে?
এই বিষয়ত ৰঞ্জনাৰ দাবী যে মুম্বাইলৈ অহাৰ পূৰ্বে প্ৰতিষ্ঠিত হোৱাৰ আগতেই বিবাহত বহিছিল উদিত নাৰায়ণ৷ ১৯৮৪ চনত তেওঁলোকৰ বিয়া হৈছিল৷ মুম্বাইলৈ আহি তেওঁক পাহৰি আকৌ দ্বিতীয় বিবাহ কৰায় উদিত নাৰায়ণে৷ ৰঞ্জনাৰ দাবী, উদিত নাৰায়ণে তেওঁক ডিভোৰ্ছো দিয়া নাই৷ আনকি দ্বিতীয় বিবাহৰ কথাও জনোৱা নাছিল৷ আৰু ৰঞ্জনাক আত্মহত্যাৰ ভাবুকি দি মুখ বন্ধ ৰাখিবলৈ কৈছিল৷ শেষত ২০০৬ চনত প্ৰথমবাৰ উদিত নাৰায়ণৰ সৈতে তেওঁৰ বিবাহৰ বিষয়টো সকলোৰে সন্মুখলৈ আনে ৰঞ্জনাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ