বন্ধুৱেই হওক বা আপোনজনেই হওক, আলিংগন ইজনে সিজনৰ প্ৰতি মৰম আৰু ভালপোৱা প্ৰকাশ কৰাৰ অন্যতম মাধ্যম।
শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই আলিংগন কেৱল এটা উদ্দেশ্যৰ মাধ্যম নহয়। ইয়াৰ জৰিয়তে মগজুৰ পৰা এক প্ৰকাৰৰ হৰম’ন নিঃসৰণ হয়, যিয়ে বহু দিশত শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে।
কেৱল সেয়াই নহয়, মানসিক চাপ কমাবলৈ সজোৰে আলিংগন কৰাটো অতি প্ৰয়োজন! এই সন্দৰ্ভত এদল জাৰ্মান গৱেষকেও আকোঁৱালি ল’লে মহিলাৰ মানসিক চাপ হ্ৰাসহে হয় বুলি প্ৰকাশ কৰিছে৷ অৱশ্যে তেওঁলোকৰ মতে এই ক্ষেত্ৰত মানসিকভাৱে পুৰুষৰ বিশেষ লাভলাভ নহয়।
লগতে পঢ়ক চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী
৬৭ হাল দম্পতীৰ ওপৰত কৰা এক অধ্যয়নৰ ফলাফল প্লাছ ৱান নামৰ আলোচনীখনত প্ৰকাশ পাইছে।
তাত কোৱা হৈছে যে দম্পতীয়ে তীব্ৰ মানসিক চাপৰ সময়ত নিজৰ সংগীক আলিংগন কৰিলে বিশেষভাৱে মহিলাসকলে লাভৱান হোৱাৰ সম্ভাৱনা বেছি থাকে। মহিলাসকলৰ মানসিক চাপ বহু পৰিমাণে কমি যায়। পুৰুষৰ ক্ষেত্ৰত এই পদ্ধতি কম ফলপ্ৰসূ বুলি জাৰ্মান গৱেষকৰ দলটোৱে প্ৰকাশ কৰিছে।
অধ্যয়নটোত দেখা গৈছে যে যেতিয়া এগৰাকী মহিলাই নিজৰ সংগীক সাৱটি ধৰে তেতিয়া তেওঁৰ শৰীৰত অধিক পৰিমাণে অক্সিট’চিন হৰম’ন নিঃসৰণ হয় আৰু কৰ্টিছল হৰম’নৰ নিঃসৰণ কমি যায়। যিয়ে মগজুক শান্ত কৰি ৰাখে৷
লগতে পঢ়ক গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি
সমীক্ষাত দেখা গৈছে যে ১০ ছেকেণ্ড বা তাতোকৈ অধিক সময় আলিংগন কৰিলে তেওঁলোকৰ মানসিক স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পৰে।
গৱেষকৰ মতে, কেৱল সাৱটি ধৰিলে পুৰুষৰ শৰীৰত অক্সিট’চিন হৰম’ন নিঃসৰণ বৃদ্ধি নহয়। সেইবাবেই তেওঁলোকে মানসিক চাপৰ পৰা মুক্তি নাপায়।
পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে আলিংগন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, ৰক্তচাপ কম হয় আৰু বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা উপশম পায়। কিন্তু জাৰ্মান গৱেষকসকলে এই তথ্য গ্ৰহণ কৰিবলৈ অনিচ্ছুক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ