আকৌ আন এগৰাকী কেডাৰক মৃত্যুদণ্ড দিছে আলফা(স্বা)এ৷ শিবিৰৰ পৰা পলায়ন কৰাৰ অপৰাধত কেডাৰগৰাকীক মৃত্যুদণ্ড দিয়া বুলি কেডাৰগৰাকীয়ে এক ভিডিঅ’ যোগে প্ৰকাশ কৰিছে৷
আলফা(স্বা)এ মৃত্যুদণ্ড বিহা কেডাৰগৰাকীৰ নামৰ ৰিহণ অসম ওৰফে ছাইফুল ইছলাম বুলি জানিব পৰা গৈছে৷ ৰিহণ অসমৰ ঘৰ গোৱালপাৰাৰ লক্ষীপুৰৰ বাউৰাৰতলত।
ভিডিঅ’ত প্ৰকাশ কৰা মতে যোৱা ২৮ জুলাইত আলফা(স্বা)ৰ চলমান শিবিৰৰ পৰা পলায়ন কৰিছিল যদিও ২৯ জুলাইৰ পুৱা ৫ বজাত ৰিহণ অসমক আলফা(স্বা)ৰ তহলদাৰী গোটে কৰায়ত্ত কৰে।
লগতে পঢ়ক বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ
সংবাদ মাধ্যমলৈ সংগঠনটোৱে প্ৰেৰণ কৰা এই ভিডিঅ’টাত আলফা (স্বাধীন)ৰ কেডাৰজনে নিজ মুখে নিজৰ ‘অপৰাধ’ স্বীকাৰ কৰিছে৷
আনকি তিনিবাৰকৈ শিবিৰৰ পৰা পলায়নৰ ব্যৰ্থ চেষ্টা চলোৱাৰ বাবে সংগঠনে তেওঁক চৰম শাস্তি প্ৰদান কৰা বুলিও প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ