ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এহাল দৰা -কইনাৰ ভিডিঅ’। য’ত এহাল দৰা-কইনাই ৰাজপথতে এক হাই ভল্টেজৰ নাটকত অৱতীৰ্ণ হৈছে।
ভাইৰেল হোৱা ভিডিঅ’টো বিহাৰৰ বুলি কোৱা হৈছে। ভিডিঅ’টোত ৰাস্তাৰ মাজত কইনাক কান্দি কান্দি, চিঞৰি চিঞৰি দৰাৰ পিছে পিছে দৌৰি যোৱা দেখা গৈছে। দৰাই কইনাক এৰি ৰাজপথেৰে ভিৰাই দৌৰিছে আৰু দৰাক দৌৰিবলৈ কইনাৰ সৈতে বহুলোকে খেদা মাৰি গৈছে। ভিডিঅ’টোও দেখি নেটনাগৰিকে স্তম্ভিত হৈ পৰিছে।
ঘটনাৰ বিৱৰণীৰ মতে বিহাৰৰ নৱাদা জিলাৰ মহুলী গাঁৱৰ বাসিন্দা ৰাম অৱতাৰ চাহানীৰ কন্যা গুড্ডী কুমাৰীয়ে মেহকাৰ গাঁৱৰ বাসিন্দা চান্দো চৌহানৰ পুত্ৰ সন্দীপ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছিল।
Aisa bhi hota hai….. dulha court marriage se pahle bhaga. High voltage drama on streets of Nawada
Note: Nawada is one of the most backward district of the state. pic.twitter.com/8KOWwSJ4hf
— Anand Singh (@Anand_Journ) August 30, 2022
লগতে পঢ়ক শিবিৰৰ পৰা পলায়নৰ চেষ্টা! পুনৰ অন্য এক কেডাৰক মৃত্যুদণ্ড আলফা (স্বা)ৰ
আচলতে তেওঁলোক দুয়োজনে ইজনে সিজনৰ লগত ফোনত কথা পাতি প্ৰেমৰ সম্পৰ্ক বান্ধ খাইছিল। বৃহস্পতিবাৰে যুৱকজনে যুৱতীগৰাকীক লগ কৰিবলৈ যুৱতীগৰাকীৰ গাঁও পালেগৈ। দুয়োৱে লগ কৰা যুৱতীগৰাকীৰ পৰিয়াল আৰু গাঁৱৰ মানুহে দেখা পায়৷ গাঁৱৰ কিছুমান মানুহে আৰু পৰিয়ালৰ লোকে যুৱতীগৰাকীক ল’ৰাটোৰ সৈতে দেখা পোৱাৰ পিছতে অতি সোনকালে দুয়োৰে বিবাহ ঠিক কৰি দিয়া হ’ল। প্ৰথমতে ল’ৰাটো বিয়া কৰাবলৈ সাজু হোৱা নাছিল। কিন্তু পিছত যুৱকজনে বিবাহৰ বাবে সাজু হয়।
ইয়াৰ পাছত দুয়োৱে বিবাহ সম্পন্ন কৰিবলৈ নৱাদাৰ চিভিল ক’ৰ্টতলৈ বুলি যাত্ৰা কৰে। দুয়ো জিলা আদালত পোৱাৰ পাছত উকীলে যেতিয়া যুৱকজনক কাগজখনত চহী কৰিবলৈ ক’লে, তেতিয়াই তেওঁ কলমটো পেলাই দৌৰি পলাবলৈ ধৰে। তেতিয়াই ভিডিঅ’টোত দেখা যায় যে যুৱতীগৰাকীয়ে যুৱকজনৰ পিছে পিছে কান্দি কান্দি দৌৰেছে।
एक शादी ऐसा भी
जब शादी करने से भाग रहा था लड़का, तब लड़की ने उसे खुद पकड़कर रचाई शादी
मामला #बिहार के #नवादा का है। लड़की ने कहा कि पैसा और बाइक लेकर शादी करने से भाग रहा था लड़का#ExclusivePost#xclusivepost pic.twitter.com/LSpch8Sp5a
— Exclusive Post (@xclusivepost) August 28, 2022
লগতে পঢ়ক ১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই
অৱশেষত যুৱতীগৰাকীৰ পৰিয়াল আৰু স্থানীয় লোকে যুৱকজন ধৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে ৰাস্তাত মানুহৰ ভিৰ হয়৷
ইফালে আত্মীয়ৰ লোকৰ মতে, তিনিমাহ পূৰ্বে যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিবাহ ঠিক কৰা হৈছিল। যৌতুক হিচাপে যুৱকজনক এখন পালচাৰ বাইক আৰু নগদ ৫০ হাজাৰ টকাও দিয়া হৈছিল।
আনহাতে স্থানীয় লোকে যুৱকজনক কৰায়ত্ত কৰাৰ পাছতে যুৱক আৰু যুৱতী দুয়োকে আৰক্ষীক চমজাই দিয়া হয়। ইয়াৰ পিছত দুয়োৰে বিবাহ মন্দিৰত সম্পন্ন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ