চাকৰি নিয়মীয়া নোহোৱা, দৰমহা নোপোৱা আদিকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত প্ৰাক প্ৰাথমিক শিক্ষয়িত্ৰীসকল৷
ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি চৰকাৰে চাকৰিৰ পৰা চাটাই কৰিবলৈ ওলাইছে কণ কণ শিশুহঁতক আদি শিক্ষা প্ৰদানৰ দায়িত্বত নিয়োজিত এইসকল শিক্ষয়িত্ৰীক৷ কাজেই মূৰে কপালে হাত দি চৰম হতাশাত দিন কটাবলগীয়া হৈছে এইসকল শিক্ষয়িত্ৰীয়ে ৷
উল্লেখ্য যে ১৯৯৭ চনত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বিদ্যালয় পৰিচালনা সমিতিসমূহৰ দ্বাৰা প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ বাবে নিয়োগ কৰা হৈছিল এইসকল শিক্ষয়িত্ৰীক৷
লগতে পঢ়ক নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?
কিন্তু ১৯৯৭ চনৰ পৰা বিগত ২৫ বছৰে এইসকল শিক্ষয়িত্ৰীক দৰমহাৰ নামত এটা ফুটাকড়িও আদায় নিদিলে ৰাজ্য চৰকাৰে।
প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ দায়িত্ব নতুনকৈ অংগনবাড়ী কৰ্মী-সহায়িকাৰ হাতত গতাই দিয়াৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া বিনা বেতনে কাম কৰি অহা এইসকল শিক্ষয়িত্ৰীসকলৰ মাজত জীৱন-জীৱিকাক লৈ সংশয়ৰ সৃষ্টি হৈছে।
২০১১ চনত শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত দৰমহা প্ৰদানৰ আশ্বাস দিয়া ড° হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুখ্যমন্ত্ৰীৰ চকীত বহি প্ৰাক্ প্ৰাথমিক শিক্ষয়িত্ৰীসকলক চাকৰিৰ পৰাই চাটাই কৰিবলৈ ওলোৱাত তেওঁলোকে আশ্চৰ্য প্ৰকাশ কৰে ৷ চাকৰিৰ পৰা চাটাই কৰিলে পানীত জাঁপ দি আত্মহত্যা কৰাৰো হুমকি দিয়ে শিক্ষয়িত্ৰীসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ