কমনৱেলথ গেমছৰ কোনো পদক লাভ নকৰাকৈয়ে দেশলৈ ওভতি অহাৰ পাছতে অসমৰ আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমা দাসে বুধবাৰে দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয়৷
উল্লেখ্য যে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰাৰ পাছতে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসক অসম চৰকাৰ অসম আৰক্ষীৰ ডি এছ পি পদত নিযুক্তি প্ৰদান কৰিছিল৷
অসম আৰক্ষীৰ ডি এছ পি পদত নিযুক্তি লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় দৌৰবিদগৰাকীয়ে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয়৷
লগতে পঢ়ক প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?
প্ৰশিক্ষণ মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পাছতে হিমা দাসক মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই ফুলাম গামোছাৰে আদৰণি জনায়৷ আৰু ইয়াৰ পাছতে হিমা দাসে মহাবিদ্যালয়খনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানৰ সৈতে মত বিনিময় কৰে৷
মহাবিদ্যালয়খত উপস্থিত হৈয়ে দৌৰবিদ হিমা দাসে অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীৰ দক্ষ খেলুৱৈসকলৰ মাজৰ পৰা অচিৰেই এটা এথলেটিকছ দল গঠন কৰিব বুলিও সদৰী কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ