ডিজিটেল ডেস্কঃ আলফাৰ আলোচনাপন্থীৰ আৰু ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ মাজত চুক্তি সমাপন হোৱাৰ পাছতে আজি দিল্লীৰ পৰা অসমলৈ উভতিব চুক্তিত স্বাক্ষৰকাৰী আলফাৰ আলোচনাপন্থী গোটৰ সদস্যসকল। পুৱা ১০.৩০বজাত গুৱাহাটী বিমান বন্দৰ পাবহি দলটো আৰু তাৰ পৰাই তেওঁলোকক আদৰি অনা হব। বিমান বন্দৰৰ পৰা শতাধিক বাহনেৰে বিশাল ৰেলী কৰি আদৰি অনা হ’ব আলফা দলটোক।
আলোচনাপন্থী আলফা সদস্যসকলক লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হ’ব এখন আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানৰ। আলফাৰ সদস্যৰ লগতে বিভিন্ন দল-সংগঠনক সম্বৰ্ধনা জনোৱা হ’ব। জাতীয় অভিৱৰ্তনক সহযোগ কৰা সকলোকে সম্বৰ্ধনা জনাব আলফা নেতৃত্বই। ইয়াৰ লগতে ১০৭টা জাতীয় সংগঠনক জনাব সম্বৰ্ধনা। এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















