অসম লাইভ ২৪ঃ অৱশেষত আলফা(স্বাঃ)য়ে মুকলি কৰি দিলে ONGCৰ অপহৃত অভিযন্তা ৰিতুল শইকীয়াক। নাগালেণ্ডৰ মন জিলাৰ লংৱাত মুকলি কৰে ৰিতুল শইকীয়াক। ৭.১০ বজাত ভাৰতত প্ৰৱেশ কৰে ৰিতুল শইকীয়া। তিনিদিন পূৰ্বে ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল পৰেশ বৰুৱাক। মুখ্যমন্ত্ৰীৰ অনুৰোধৰ পাছতে পৰেশ বৰুৱাই পৰৱৰ্তী এশ ঘণ্টাৰ ভিতৰত ৰিতুল শইকীয়া নিজ গৃহত উপস্থিত হ’বহি বুলি জনাইছিল। উল্লেখ্য, ২১ এপ্ৰিলৰ নিশা লাকুৱা তৈল ক্ষেত্ৰৰ পৰা অপহৰণ কৰিছিল ৰিতুল শইকীয়াক। মুক্তিৰ পিছত তিতাবৰৰ বৰহোলাৰ ৰিতুল শইকীয়াৰ বাসগৃহত এতিয়া আনন্দৰ বন্যা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে ৰিতুল শইকীয়াৰ পৰিয়ালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ