আজিকালি পকেটত বেছিভাগৰে ধন নাথাকে৷ ভৰষা এতিয়া সকলোৰে অনলাইন পেমেণ্টেই৷ গুগল পে, ফোন পে দিয়েই সমস্ত যাৱতীয় লেনদেন চলে৷ এটকা দুটকাৰ পৰা লাখ লাখ টকাৰ লেনদেন এতিয়া অনলাইন পেমেণ্টেই ভৰষা৷ কিন্তু বহু সময়ত এনে সমস্যাই দেখা দিয়ে যে গুগল পে ৰে ধনৰ লেনদেন নহয়৷
যদি আপুনিও গুগল পেত এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে প্ৰথমেই একাউণ্ট বেলেন্স চাওক৷ নেটৱৰ্কৰ কোনো সমস্যা আছে নেকি সেয়াও পৰীক্ষা কৰক৷ যদি দেখে যে বেলেন্সো ঠিকে আছে, বেংকৰো কোনো সমস্যা নাই তেন্তে কিয় টকা ট্ৰেন্সফাৰ হোৱা নাই? এইক্ষেত্ৰত এন পিছিআইৰ লিমিট পাৰ হোৱাৰ বাবেই এই অসুবিধা হয়৷
NPCIৰ নিয়ম আৰু গুগল পেত লেনদেনৰ সমস্যাৰ কাৰণ
১. যদি ২৪ ঘণ্টাৰ মাজত আপোনাৰ UPIত লেনদেনৰ সীমা পাৰ হৈ যায় তেন্তে গুগল পেত লেনদেন নহ’ব পাৰে৷ সাধাৰণতে ১লাখ টকাৰ সীমা থাকে UPIলেনদেনত৷ কিছুক্ষেত্ৰত ২লাখ টকাৰো লিমিট দিয়া হয় লেনদেনত৷
২. যদি ২৪ ঘণ্টাৰ মাজত ১০ বাৰ লেনদেন হয় তেতিয়া তেতিয়া আৰু গুগল পেত লেনদেন ৰৈ যায়৷
৩. যদি ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত ৫বাৰতকৈ বেছি ধন আহে তেন্তে লেনদেনৰ সমস্যা আহে৷
৪. নতুন বেংক একাউণ্ট বা UPI আই়ডি এড কৰাৰ প্ৰথম ২৪ ঘণ্টাৰ মাজত ৫০০০ টকাতকৈ বেছি লেনদেন কৰে তেতিয়াও গুগল পেৰ লেনদেনত সমস্যা আহে৷
৫. যদি ৩০ দিনৰ মাজত ১০০ বাৰতকৈ বেছি লেনদেন কৰে তেতিয়া গুগল পেত ধন পঠিওৱাত সমস্যা আহে৷
৬. যদি দিনত ১০টকাতকৈ বেছি কম লেনদেন ২০বাৰতকৈ বেছি কৰে, তেতিয়া UPI পেমেণ্টত সমস্যা আহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ