ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে ২০২৫ চনৰ কেন্দ্ৰীয় বাজেটত ৪টা চেক্টৰক বিশেষ গুৰুত্ব দিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তাৰ মাজতেই প্ৰথমে ৰাখিছে কৃষিক্ষেত্ৰক৷ দেশৰ কৃষি ব্যৱস্থাৰ উন্নতিৰ বাবে একাধিক ঘোষণা কৰিছে তেওঁ৷ এই সকলো পদক্ষেপে দেশৰ কোটি কোটি কৃষকক উপকৃত কৰিব বুলি জনাইছে বিত্তমন্ত্ৰী নিৰ্মলাই৷
কৃষিক্ষেত্ৰৰ উন্নতিৰ বাবে ২০২৫ চনৰ বাজেটত প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনাৰ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণে৷ জিলাভিত্তিক কৃষিৰ উন্নতিৰ দিশত নজৰ দিয়া হ’ব এই স্কিমৰ মাধ্যমেৰে৷ দেশৰ বিভিন্ন ৰাজ্যত এনে বহু জিলা আছে য’ত ফচলৰ ফলত তুলনামূলকভাৱে বহু কম৷ সেই সকলো জিলাত বিশেষ নজৰ দিয়া হ’ব৷ প্ৰাথমিকভাৱে এনে ১০০ জিলাত এই প্ৰকল্প আৰম্ভ হ’ব৷ ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰ মাধ্যমেৰে এই স্কিম আৰম্ভ কৰিব কেন্দ্ৰই৷
ইয়াৰ মাধ্যমেৰে ১ কোটি ৭৫ লাখ কৃষক উপকৃত হ’ব বুলি জনাইছে নিৰ্মলা৷ ফচল মজুতৰ বাবে পঞ্চায়ত আৰু ব্লক স্তৰত গুদাম গঢ়ি তোলাৰ কথাও কৈছে নিৰ্মলাৰ বাজেট বক্তৃতাত৷ কৃষি পৰিকাঠামোৰ উন্নতিৰ মাধ্যমেৰে গ্ৰামীণ অৰ্থনীতিক উন্নত কৰাৰ কথাও কৈছে তেওঁ৷ এই প্ৰসংগত নিৰ্মলাই কৈছে, ‘গ্ৰামীণ এলেকাৰ সমৃদ্ধি আৰু নিৰ্ভৰতাৰ প্ৰকল্পই ৰাজ্যসমূহৰ সৈতে পাৰ্টনাৰচিপ গঢ়ি তোলা হ’ব৷ নতুন বিনিয়োগ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু স্কিম বঢ়োৱাৰ মাধ্যমেৰে কৃষিক্ষেত্ৰত কৰ্মসংস্থাপন বৃদ্ধি কৰা হ’ব৷’
স্বল্প আৰু দীৰ্ঘম্যাদি ক্ষেত্ৰত কৃষকসকলক ঋণ দিয়াৰ প্ৰক্ৰিয়া আৰু সহজ কৰাৰ কথাও কৈছে নিৰ্মলাই৷ কিষাণ ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে ঋণৰ পৰিমাণ ৩লাখ টকাৰ পৰা বঢ়াই ৫লাখ টকা কৰাৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে৷ এই প্ৰসংগত তেওঁ কয়, ‘কিষাণ ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে চৰ্ট টাৰ্ম লোনৰ সুবিধা পাই কৃষকে৷ ফিছাৰমেল আৰু ডেয়াৰি ফাৰ্মাৰ্ছেও পাই এই লোনৰ সুবিধা৷ কেচিচিপ মাধ্যমেৰে লোনৰ পৰিমাণ ৩ লাখ টকাৰ পৰা বঢ়াই ৫লাখ টকা পৰ্যন্ত কৰা হৈছে৷’ ইয়াৰ মাধ্যমেৰে ৭ কোটি ৭০ লাখ কৃষক উপকৃত হ’ব বুলি জনাইছে নিৰ্মলাই৷
কৃষিৰ বিভিন্ন পণ্য উৎপাদনত আত্মনিৰ্ভৰ হোৱাৰ কথাও কৈছে বিত্তমন্ত্ৰী নিৰ্মলাই৷ মাহজাতীয় শস্যত আত্মনিৰ্ভৰতাৰ বাবে ৬বছৰৰ বিশেষ মিছনৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ দেশত তেলৰ উৎপাদন বৃদ্ধিতো জোৰ দিয়াৰ কথা কৈছে বিত্তমন্ত্ৰী নিৰ্মলাই৷ ইয়াৰবাবে তৈলবীজ ৰোপনত বিশেষ নজৰ দিয়া হ’ব বুলিও জনাইছে৷ NAFED আৰু NCCFৰ দৰে কেন্দ্ৰীয় সংস্থাই মাহজাতীয় শস্য আগন্তুক ৪বছৰত কৃষকসকলৰ পৰা কিনিব বুলিও কেন্দ্ৰীয় বাজেটত জনোৱা হৈছে৷
তুলাৰ উৎপাদন বঢ়াবলৈ পাঁচ বছৰীয়া বিশেষ মিছনৰ কথাও ঘোষণা কৰিছে৷ ইয়াৰোপৰি উচ্চমানৰ বীজ সংৰক্ষণ আৰু তাৰ ব্যৱহাৰৰ বিষয়ে পৰিকল্পনা কৰা হ’ব বুলিও জনাইছে নিৰ্মলাই৷ মাছ উৎপাদন বঢ়োৱাৰ কথাও কৈছে নিৰ্মলাই বাজেট ভাষণত৷ আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপত মৎস্য উৎপাদনত বিশেষ পৰিকাঠামো গঢ়ি তোলাৰ কথাও জনাইছে৷ মাখানাৰ উৎপাদন বঢ়াবলৈ বিহাৰত এখন পৃথক বৰ্ড গঢ়াৰ কথাও ঘোষণা কৰা হৈছে বাজেটত৷ কৃষিকৰ্মত ব্যৱহৃত ইউৰিয়া উৎপাদনতো স্বনিৰ্ভৰ হোৱাৰ লক্ষ্য ৰাখিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷ অসমত ইউৰিয়া কাৰখানা তৈয়াৰ কৰাৰ কথাও ঘোষণা কৰিছে নিৰ্মলাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ