অসম লাইভ২৪ঃ ক্ৰিকেটৰ বিশ্বত আজি কেৱল তেওঁৰেই চৰ্চা। ৱানখেড়ে ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ১২৮ বল খেলি ১৫৭.০৩ ষ্ট্ৰাইক ৰেটত অপৰাজিত ২০১ ৰানৰ ইনিংছ খেলিছে গ্লেন মেক্সৱেলে। তেওঁৰ অনবদ্য ইনিংছৰ ওপৰত ভৰ দিয়েই ছেমি ফাইনেল খেলিবলৈ সাজু অষ্ট্ৰেলিয়া। কিন্তু মেক্সৱেলৰ খেলৰ কথা আহোতেই চৰ্চা হৈছে তেওঁৰ ব্যক্তিগত জীৱনৰো। মেক্সৱেলৰ সৈতে আছে ভাৰতৰো নিবিড় সম্পৰ্ক। খেলৰ বাবেই ভাৰতলৈ মেক্সৱেল আহিছে তেনে নহয়। ব্যক্তিগত কাৰণতো ভাৰতলৈ আহি থাকে মেক্সৱেল।
মেক্সৱেলৰ পত্নী
গ্লেন মেক্সৱেলৰ পত্নী ভিনি ৰমনক বহুতেই নাজানিলেও তেওঁ কিন্তু ভাৰতীয় বংশোদ্ভুতৰ। ভিনি ৰমনৰ পৰিয়ালে তামিলনাডুৰ চেন্নাইত বাস কৰে। ভিনি আৰু মেক্সৱেলৰ বিবাহ অনুষ্ঠানো চেন্নাইতেই অনুষ্ঠিত হৈছিল। IPLৰ মাজতেই ছুটি লৈ মেক্সৱেলে বিবাহৰ বাবে চেন্নাইলৈ গৈছিল।
ভাৰতীয় পৰিয়ালত জন্ম ভিনিৰ
ভিনিৰ জন্ম ১৯৯৩ চনৰ ৩ মাৰ্চত। মেলবৰ্ণত জন্ম হৈছিল যদিও তেওঁ পিতৃ-মাতৃ ভাৰতীয়। প্ৰৱাসী মেলবৰ্ণৰ বাসিন্দা ভিনিৰ পৰিয়ালে ভিনিক তাতেই ডাঙৰ দীঘল কৰে। ভিনিয়ে মেলবৰ্ণতেই নিজৰ শৈক্ষিক জীৱনো সমাপ্ত কৰে।
ভিনিৰ পেছা
বৰ্তমান ভিনি ৰমন এগৰাকী ফাৰ্মাছিষ্ট। এই পেছাৰ ওপৰিও তেওঁৰ অইন নিচাসমূহৰ ভিতৰত আছে সাঁতোৰা, ভ্ৰমণ আৰু খেলাধূলা।
প্ৰথম সাক্ষাৎ
মেক্সৱেলৰ সৈতে ভিনিৰ সাক্ষাৎ হৈছিল এগৰাকী বন্ধুৰ সহায়ত। দুজনৰেই কমন বন্ধুৰ মাজেৰেই ভিনি আৰু মেক্সৱেলৰ বন্ধুত্ব গঢ় লৈছিল। বন্ধুত্বই পাছলৈ প্ৰেমৰ ৰূপ পায়। এই প্ৰেমৰ বাবেই মেক্সৱেলে ভিনিক বিবাহৰ প্ৰস্তাৱো দিয়ে। ৪ বছৰৰ প্ৰেমৰ অন্তত দুয়োৱে বিবাহপাশত আৱদ্ধ হয়।
বিবাহ
খ্ৰীষ্টিয়ান আৰু হিন্দু দুয়োটা নিয়ম মানিয়েই মেক্সৱেল আৰু ভিনিয়ে বিয়া কৰাইছে। ২০২২ চনত অষ্ট্ৰেলিয়াত খ্ৰীষ্টিয়ান নিয়ম মানি বিয়া কৰায়। তাৰপিছতেই চেন্নাইত হিন্দু নিয়ম মানি দুয়োৱে বিবাহপাশত আৱদ্ধ হয়। সেই বিবাহ অনুষ্ঠানত বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে কেইবাজনো তাৰকাও উপস্থিত থাকে।
সন্তান
সম্প্ৰতি পুত্ৰ সন্তানৰ পিতৃ হৈছে মেক্সৱেল। মেক্সৱেলে সন্তানৰ নাম দিছে লোগান মেভৰিক মেক্সৱেল। বিশ্বকাপত মেক্সৱেলৰ সৈতে ভিনি আৰু তেওঁৰ পুত্ৰ সন্তানো ভাৰতলৈ আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ