কিছুমান মানুহে প্ৰদৰ্শনকামিতাৰ বাবেই নিজৰ জীৱনলৈ বিপদ আনে৷ আন কিছুমানে আকৌ তেনে স্বভাৱৰ বাবে মৃত্যু পৰ্যন্ত মাতি আনে৷
তেনে এটা কৰুণ ঘটনা পুনৰ সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে উত্তৰ প্ৰদেশত তেনে এক প্ৰদৰ্শনকামিতাৰ বাবেই এজন লোকে মৃত্যুক সাৱটি লৈছে৷
প্ৰকাশিত খবৰ মতে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত দেৱেন্দ্ৰ মিশ্ৰ নামৰ লোকজনে প্ৰতিবেশী এজন লোকৰ ঘৰৰ পৰা এটা বিষাক্ত সাপ উদ্ধাৰ কৰে৷
লগতে পঢ়ক আসুৰিক কাণ্ড! মল্লদ্বাৰেদি ভৰাই দিলে ষ্টীলৰ গিলাচ, ইয়াৰ পাছত কি হ’ল ভুক্তভোগী লোকজনৰ?
সাপটো উদ্ধাৰ কৰাৰ পিছতে লোকজনে সাপটো এৰি দিয়াৰ বিপৰীতে গাঁৱখনত সাপটো লৈ খেল প্ৰদৰ্শন কৰিবলৈ ধৰে৷
আনকি এটি কন্যা শিশুৰ লগতে নিজৰ ডিঙিটো বিষাক্ত সাপটো মেৰিয়া খেল প্ৰদৰ্শন কৰিবলৈ ধৰে৷ এই সমগ্ৰ দৃশ্য এটা ভিডিঅ’ত আৱদ্ধ হৈ ৰৈছে৷ ভিডিঅ’টো ইতিমধ্যে সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হৈ পৰিছে৷
লগতে পঢ়ক ১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?
ইফালে দেৱেন্দ্ৰ মিশ্ৰই গাঁৱত এইদৰে খেল দেখুওৱাই ফুৰোতে প্ৰায় দুঘণ্টাৰ পিছত হঠাতে বিষাক্ত সাপটোৱে দংশন কৰে৷ সাপটোৱে দংশন কৰাৰ পিছতে দেৱেন্দ্ৰ মিশ্ৰক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে বেজালিৰে চিকিৎসা কৰা হয়৷
কিন্তু বেজালিয়ে দেৱেন্দ্ৰ মিশ্ৰক ৰক্ষা কৰিব নোৱাৰিলে৷ সৰ্প দংশনৰ কেইবাঘণ্টাৰ পিছতে দেৱেন্দ্ৰ মিশ্ৰৰ মৃত্যু ঘটে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ