নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও
এগৰাকী ২০ বছৰীয়া যুৱকৰ কৰুণ কাহিনী। যি কাহিনীয়ে এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা পুৰুষ হিচাপে শুই পুৱা সাৰ পাই উঠি নিজকে মহিলাৰ শৰীৰত দেখা পাই। ইায়ৰ পিছত থকা কাহিনীয়ে হতচকিত কৰি তুলিছে বহুলোককে।
উত্তৰ প্ৰদেশৰ ২০ বছৰীয়া যুৱক মুজাহিদৰ কৰুণ কাহিনী এতিয়া সংবাদ মাধ্যমৰ শিৰোনামত। নিশাটোৰ ভিতৰতে মুজাহিদৰ জীৱনটোৱে লৈছে এক ভয়াৱহ ৰূপ। মুজাহিদৰ অজ্ঞাতেই নিশাৰ ভিতৰতে এক প্ৰতাৰকে চিকিৎসকৰ সৈতে মিলি লিংগ সলনি কৰি পেলায়।
মুজাফ্ফৰনগৰৰ এখন স্থানীয় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ সৈতে গোপন বুজাবুজি কৰি এজন ব্যক্তিয়ে এই কথা আয়োজন কৰিছিল। এই চাঞ্চল্যকৰ গোচৰটোৱে ক্ষোভৰ সৃষ্টি কৰিছে মুজাহিদৰ পৰিয়ালৰ লোকৰ লগতে অন্য বহু লোকৰ মাজত। ভাৰতীয় কিষাণ সংঘইয়ো এই ঘটনাৰ প্ৰতিবাদ কৰে।
মনছুৰপুৰৰ বেগৰাজপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। সঞ্জক গাঁৱৰ বাসিন্দা ২০ বছৰীয়া মুজাহিদে ৩ জুনত ওম প্ৰকাশ নামৰ এজন লোকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। ওম প্ৰকাশে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসকসকলক মুজাহিদৰ অস্ত্ৰোপচাৰ কৰিবলৈ পতিয়ন নিয়াইছিল, য’ত তেওঁৰ যৌনাংগ আঁতৰাই বলপূৰ্বক লিংগ পৰিৱৰ্তন কৰা হৈছিল।
পিতৃ-মাতৃৰ সৈতে ভুক্তভোগী মুজাহিদ
মুজাহিদে দাবী কৰে যে বিগত দুবছৰ ধৰি ওম প্ৰকাছে ভয়- ভাবুকি আৰু হাৰাশাস্তি কৰি আহিছিল। মুজাহিদক মিছাকৈ কোৱা হৈছিল যে তেওঁৰ চিকিৎসাজনিত সমস্যা আছে যাৰ বাবে চিকিৎসালয় পৰিদৰ্শন কৰিব লাগিব। ওমপ্ৰকাশৰ সৈতে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে এনাস্থেচিয়া প্ৰদান কৰি লিংগ পৰিৱৰ্তন অপাৰেচন কৰা বুলি অভিযোগ উত্থাপন কৰে।
অভিযোগ অনুসৰি ওম প্ৰকাশ নামৰ লোকজনে মুজাহিদক এই লিংগ পৰিৱৰ্তনৰ অপাৰেচৰ পাছত নিজৰ লগত ৰাখি বিয়া কৰাই সংসাৰ কৰিব বুলি কোৱাৰ লগতে যদিহে মুজাহিদে তেনে নকৰে তেন্তে মুজাহিদৰ পিতৃক গুলীয়াই হত্যা কৰি পৰিয়ালৰ মাটি বাৰী আদি সকলো জব্দ কৰাৰ ভাবুকি দিয়ে।
এই অস্ত্ৰোপ্ৰচাৰৰ বিষয়ে একোকে নজনা মুজাহিদে পুৱ উঠি যেতিয়া নিজকে ন ৰূপত দেখে লগে লগে অন্য লোকৰ সহায়ত ঘৰলৈ যোগাযোগ কৰি সমস্ত ঘটনা বৰ্ণনা কৰে। পৰিয়ালৰ লোক হাস্পতালত ভৰ্তি হোৱাৰ লগতে আৰক্ষীৰো কাষ চাপে।
পাছত আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, মুজাহিদক ওম প্ৰকাশে এইদৰে কৈছে- ‘মই তোমাক পুৰুষৰ পৰা মহিলালৈ সলনি কৰিলোঁ আৰু এতিয়া তুমি মোৰ লগত থাকিব লাগিব। মই এজন উকীল প্ৰস্তুত কৰিছো আৰু তোমাৰ লগত আদালতত বিবাহ কৰোৱাৰ বাবে সাজু কৰিছো। যদি তুমি মান্তি নোহোৱা মই তোমাৰ দেউতাকক গুলীয়াই মাৰিম। লগতে তোমালোকৰ সকলো মাটি মই মোৰ নামত কৰি পিছত বিক্ৰী কৰি লক্ষ্ণৌলৈ যাম’।
এই ঘটনাৰ পাছতে ১৬ জুনত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। কিন্তু আৰক্ষীৰ শিথিল মনোভাৱৰ বাবে আজি পৰ্ন্তন্ত শাস্তি হোৱা নাই অভিযুক্তৰ। যাৰ বাবে এই ঘটনাক সমালোচনা কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ভাৰতীয় কিষাণ সংঘই। তদুপৰি এই ঘটনাৰ ফলত জীৱন ক্ষতিগ্ৰস্ত হোৱা মুজাহিদৰ বাবে কমেও ২ কোটি ক্ষতিপূৰণৰ দাবী জনায়।
মুজাফ্ফৰনগৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ৰমাশীষ যাদৱে কয় যে পৰিয়াল আৰু প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা সকলো অভিযোগৰ পুংখানুপুংখ তদন্ত কৰা হ’ব, আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে বৰ্তমানে আৰক্ষীয়ে ওমপ্ৰকাশক গ্ৰেপ্তাৰ কৰাৰ উপৰিও এই গোচৰৰ সৈতে জড়িত চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ