আগষ্টৰ ১ তাৰিখৰ পৰা সলনি হ’ব UPIৰ এই নিয়ম
প্ৰতি মাহৰ আৰম্ভণিতে নিয়মৰ কিছু সালসলনি কৰা হয়। একেদৰে জুন মাহৰ আৰম্ভণিৰ লগে লগে কিছু পৰিৱৰ্তন কৰা হৈছে আৰু ইউ পি আই পেমেণ্টৰ সন্দৰ্ভতো পৰিৱৰ্তন কৰা হৈছে। এই নতুন নিয়মসমূহ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে (এন পি চি আই) কাৰ্যকৰী কৰে।
এই পৰিৱৰ্তনৰ প্ৰভাৱ বিশেষকৈ ব্যৱসায়ী আৰু সঘনাই ইউপিআই ব্যৱহাৰকাৰীসকলে অনুভৱ কৰিব। ২০২৫ চনৰ ১ জুন আৰু ১ আগষ্টৰ পৰা কিছুমান ডাঙৰ পৰিৱৰ্তন হ’ব।
ইউ পি আইৰ নতুন নিয়ম কি কি ! এন পি চি আইয়ে ইউ পি আই সন্দৰ্ভত নিয়ম কাৰ্যকৰী কৰিছে। এই নিয়মৰ অধীনত পেমেণ্ট কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে কেৱল ‘আলটিমেট বেনিফিচিয়াৰী’ অৰ্থাৎ প্ৰকৃত ৰিচিভাৰৰ বেংকিং নামহে দেখিব।
তথ্য অনুসৰি সম্পাদিত নামবোৰ আৰু আপোনাৰ দৃষ্টিগোচৰ নহ’ব আৰু কেৱল বেংকত পঞ্জীয়নভুক্ত নামহে দেখা যাব বুলি কোৱা হৈছে। ইয়াৰ লগতে লেনদেনৰ সঁহাৰিৰ সময় ৩০ ছেকেণ্ডৰ পৰা ১৫ ছেকেণ্ডলৈ হ্ৰাস কৰাৰ নিৰ্দেশনা দিয়া হৈছে। ইয়াক জুন মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুনলৈকে সকলো ইউপিআই এপত কাৰ্যকৰী কৰিব পৰা যাব।
NPCI এ এটা বিজ্ঞপ্তি জাৰি কৰিছে য’ত UPI API (Application Programming Interface) ব্যৱহাৰ সীমিত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ উদ্দেশ্য হৈছে চিস্টেমত অত্যধিক লোড হ্ৰাস কৰি চাৰ্ভাৰ ডাউনৰ দৰে সমস্যা এৰাই চলা । এতিয়া বেলেঞ্চ দিনটোত মাত্ৰ ৫০ বাৰহে পৰীক্ষা কৰিব পাৰিব আৰু অটো-পে লেনদেন কেৱল নন-পিক আৱাৰতহে কৰিব পাৰিব।
নতুন নিয়ম অনুসৰি এতিয়া পেটিএম বা ফোনপেৰ দৰে প্ৰতিটো এপৰ পৰা দিনটোত ৫০ বাৰলৈকে বেলেঞ্চ চেক কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি দুটা এপ ব্যৱহাৰ কৰে তেন্তে প্ৰতিটো এপৰ পৰা ৫০-৫০ বাৰ বেলেঞ্চ চেক কৰিব পাৰিব।
ইয়াৰ বাহিৰেও আপুনি আপোনাৰ একাউণ্টৰ তালিকা অৰ্থাৎ কোনবোৰ একাউণ্ট লিংক কৰা হৈছে চাব পাৰিব, দিনটোত মাত্ৰ ২৫ বাৰ। এন পি চি আইয়ে বেংকসমূহক এইটোও কৈছে যে যেতিয়াই কোনো লেনদেন হয় (যেনে টকা পঠোৱা বা লাভ কৰা), তেতিয়াই তাৰ পিছত বেলেঞ্চটো স্বয়ংক্ৰিয়ভাৱে প্ৰদৰ্শিত হ’ব লাগে, যাতে আপুনি বাৰে বাৰে বেলেঞ্চ পৰীক্ষা কৰিব নালাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















