অদ্ভুত ফেশ্বনেৰে চঞ্চলা চাৱনিৰে লাখ লাখ ডেকাৰ মন অশান্ত কৰি তোলা ইণ্টাৰনেট ছেনছেচন উৰ্ফি জাভেদৰ এটা ভিডিঅ’ই ডেকাৰ মনত পুনৰ একুৰা জুই জ্বলাইছে৷ হৰিণী চাৱনিৰে অদ্ভুত পোছাক পৰিধান কৰি ফটোৰ বাবে প’জ দিয়া উৰ্ফি জাভেদ বিপদত পৰিছে৷ ভিডিঅ’টোত অভিনেত্ৰী উৰ্ফি নীলা ছবিত অভিনয় কৰি থাকোতে হাতে-লোটে ধৰা পৰা দেখা পোৱা গৈছে৷
SEE MORE: ‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই
উৰ্ফিক লৈ নিশা কতনা সপোন দেখা ডেকাসকলো আচৰিত হৈ পৰিছে ভিডিঅ’টো দেখি৷ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে এজন ডাইৰেক্টৰে অডিছনৰ বাবে উৰ্ফিক মাতিছে৷ ইয়াৰ পাছতে পৰিচালন জনে এটা ডাইলগ উৰ্ফিক ক’বলৈ দিছে, ঠিক তেনে সময়তে খাকী পোছাক পৰিধান কৰি সোমাই আহিছে আৰক্ষী৷ আৰু ADULT FILM শ্বুটিঙৰ আৰোপ তুলি আটক কৰে উৰ্ফিক৷ কোঠাটোত থকা ৩জনকৈ লোকে উৰ্ফিৰ ওপৰতে ওলোটাই অভিযোগ কৰে৷ যাৰ ফলত খঙত টিঙিৰিতোলা হৈ পৰে উৰ্ফি জাভেদ৷ ইয়াৰ পাছতেই মেনেজাৰলৈ ফোন কৰি ধমক দিয়ে উৰ্ফিয়ে৷
ঠিক তেনেতে মেনেজাৰে উৰ্ফিক কয়, এই সকলোবোৰ প্ৰেংক(PRANK) আছিল৷
অৰ্থাৎ কোঠাৰ ভিতৰত যিবোৰ ঘটিল সেই সকলোবোৰ পৰিকল্পিত আছিল, উদ্দেশ্য আছিল এটা প্ৰেংক ভিডিঅ’ নিৰ্মাণ কৰাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ