আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট
আজি ৫ নৱেম্বৰ তাৰিখ মঙলবাৰে আমেৰিকাত ৰাষ্ট্ৰপত নিৰ্বাচন। এইবাৰ দেশখনত ইতিবাসৰ সবাতোকৈ কঠিন প্ৰতিদ্বন্দিতা। আজি নতুন ৰাষ্ট্ৰপতিৰ বাবে ভোটদান কৰিব দেশৰ জনতাই। দেওবাৰলৈ প্ৰকাশ পোৱা এক্সিট পলত ভাৰতীয় মূলৰ কমলা হেৰিছ ডনাল্ড ট্ৰাম্পতকৈ সামান্য আগবাঢ়ি আছিল। এতিয়া মূল ভোটদান পৰ্যায়ৰ পাছতহে জানিব পৰা যাব কোন হ’ব পৰৱৰ্তী ৰাষ্ট্ৰপতি।
বিশ্বৰ অন্যতম পুৰণি আৰু বৃহৎ গণতন্ত্ৰ দেশ আমেৰিকাই আজি ৫ নৱেম্বৰত নিজৰ চাৰি বছৰীয়া ভৱিষ্যতৰ বাবে নেতা বাছি ল’ব। নিৰ্বাচনৰ আগৰ শেষ দিনকেইটাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুই ডাঙৰ প্ৰাৰ্থী উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভোটাৰক আকৰ্ষণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।
৫০খন ৰাজ্যৰ ভোটাৰে ভোটদানৰ জৰিয়তে অহা চাৰি বছৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। ৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ভোটাৰে আমেৰিকাৰ সংসদ অৰ্থাৎ কংগ্ৰেছৰ সদস্যসকলকো ভোট দিব। আইন প্ৰণয়নত কংগ্ৰেছৰ সদস্যসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰতিযোগিতা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ মাজত হ’ব।
নতুন ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকাল ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব চাৰি বছৰলৈ। ৰাষ্ট্ৰপতিৰ কিছুমান আইন নিজে প্ৰণয়ন কৰাৰ ক্ষমতা আছে যদিও বেছিভাগ সময়তে তেওঁ সংসদ (কংগ্ৰেছ)ৰ সৈতে কাম কৰি আইন প্ৰণয়ন কৰিবলগীয়া হয়।
ট্ৰাম্পে অৰ্থনীতি আৰু অনুপ্ৰৱেশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে হেৰিছে সামাজিক ন্যায় আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত তেওঁৰ প্ৰশাসনৰ কৃতিত্ব আৰু প্ৰগতিশীল নীতিসমূহৰ ওপৰত আলোকপাত কৰিছে। ৰাজনৈতিক বিভাজনৰ মাজতে দেশৰ ভৱিষ্যত গঢ় দিয়া এক গুৰুত্বপূৰ্ণ নিৰ্বাচনত বিজয়ীগৰাকীয়ে ২০২৫ চনৰ ২০ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰিব। জিয়ে সন্ধিয়া ৭ বজাত আমেৰিকাই পাব দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















