ট্ৰাম্পৰ বাজি ওলোটাই দিয়াৰ দিশে ভাৰতীয় মূলৰ কমলা হেৰিছ, এতিয়া থৰক-বৰক ডোনাল্ডৰ বিজয়
সমগ্ৰ আমেৰিকাৰ নিৰ্বাচন ৰ প্ৰেক্ষাপটেই সলনি কৰি পেলালে ভাৰতীয় মূলৰ কমলা হেৰিছে। হেৰিছৰ কৌশলগত পদক্ষেপ আৰু ড’নাল্ড ট্ৰাম্পৰ অস্থিৰতাৰ পৰা যেন এতিয়া তাকেই দেখা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী জো বাইডেন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আঁতৰি অহাৰ পূৰ্বে প্ৰথম অৱস্থাত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পেই নিশ্চিত জয় বুলি ঠাৱৰ কৰা হৈছিল। পাছে জো বাইডেনৰ ঠাইত এতিয়া কমলা হেৰিছ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নমাৰ লগে লগে সলনি হৈ পৰিছে সকলো। বাইডেনৰ পিছত কমলা হেৰিছে যেন যুৱক-যুৱতীসকলৰ হৃদয়ত দ্ৰুতগতিত স্থান লাভ কৰিবলৈ ধৰিছে।
উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ মে’ত আমেৰিকাৰ আদালতে ড’নাল্ড ট্ৰাম্পক পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক নীৰৱ কৰিবলৈ ধন দিয়াৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱসায়িক ৰেকৰ্ড ভুৱা কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল। এই শুনানি নিউয়ৰ্কত প্ৰায় ৬ সপ্তাহ ধৰি চলিছিল আৰু ইয়াত তেওঁক ৩৪টা অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল। লগতে কোৱা হৈছিল যে তেওঁৰ এজন পৰ্ণ ষ্টাৰৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল। যদিও ২০১৬ চনৰ এই গোচৰটো তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগৰ, কিন্তু আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল। কমলা হেৰিছে এই বিষয়ৰেই সুবিধা লয় আৰু ডোনাস্ড ট্ৰাম্পৰ বিৰুদ্ধে নিজৰ মন্তব্য দাঙি ধৰে।
সমীক্ষাত কোৱা হৈছে যে কমলা হেৰিছে আমেৰিকাৰ যুৱ ভোটাৰক বৰ্তমানে আকৰ্ষণ কৰিছে আৰু আচৰিত কথাটো হ’ল ১৮ৰ পৰা ৩৪ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত তেওঁ ট্ৰাম্পতকৈ ২০ পইণ্টৰ অগ্ৰগতি লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ