• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই সপ্তাহ প্ৰেমৰ নামত… আৰম্ভ হ’ল ভেলেণ্টাইন সপ্তাহ, এই যান্ত্ৰিক যুগত কিয় গুৰুত্ব বাঢ়িছে ভেলেণ্টাইন সপ্তাহৰ?

এই সপ্তাহ প্ৰেমৰ নামত… আৰম্ভ হ’ল ভেলেণ্টাইন সপ্তাহ, এই যান্ত্ৰিক যুগত কিয় গুৰুত্ব বাঢ়িছে ভেলেণ্টাইন সপ্তাহৰ?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

6 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

6 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

6 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

6 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

7 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই সপ্তাহ প্ৰেমৰ নামত… আৰম্ভ হ’ল ভেলেণ্টাইন সপ্তাহ, এই যান্ত্ৰিক যুগত কিয় গুৰুত্ব বাঢ়িছে ভেলেণ্টাইন সপ্তাহৰ?

editor by editor
February 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
এই সপ্তাহ প্ৰেমৰ নামত… আৰম্ভ হ’ল ভেলেণ্টাইন সপ্তাহ, এই যান্ত্ৰিক যুগত কিয় গুৰুত্ব বাঢ়িছে ভেলেণ্টাইন সপ্তাহৰ?
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহুতেই দাবী কৰে, ভালপোৱাৰ বাবে পৃথক দিন বা পৃথক কোনো সপ্তাহৰ প্ৰয়োজন নাই। ভালপোৱা মানুহজনক বা মানুহগৰাকীক সকলো সময়তে সামৰি ৰাখিব লাগে। প্ৰেম কেৱল এদিন বা এসপ্তাহৰ মাজত সীমাবদ্ধ হ’লে সেয়া প্ৰেমেই হ’ব নোৱাৰে। কিন্তু জীৱনৰ সকলো ক্ষেত্ৰতেই যুক্তিয়েই থাকিব তেনে কোনো কথাও নাই। কিছু কাম, কিছু সময় যুক্তিহীনভাৱেই মানুহে উদযাপন কৰিব খোজে বা উদযাপন কৰি ভালপায়। আপুনি কেতিয়াবা এই উদযাপন বেয়াও পাব পাৰে, কিন্তু আপোনাৰ সংগীয়ে যদি এই উদযাপনক ভালপায় তেন্তে ভিত্তিহীন হ’লেও আপুনিও তেওঁৰ সুখৰ বাবে এই উদযাপন কৰিব পাৰে। এই উদযাপন হ’ব পাৰে আজিৰে পৰা আৰম্ভ হোৱা ভেলেণ্টাইন সপ্তাহো। এই সমগ্ৰ সপ্তাহ জুৰি ভালপোৱাৰেই জয়গান চলিব সমগ্ৰ বিশ্বত।

পৃথিৱীৰ প্ৰায় সকলো প্ৰান্ততেই এই ভেলেণ্টাইন সপ্তাহক লৈ বিশেষ উন্মাদনা আছে। ভালপোৱা প্ৰকাশ কৰিবৰ বাবে এই সময়তকৈ উত্তম সময় একোৱেই হ’ব নোৱাৰে বুলি বহুতেই দাবীও কৰে। ভেলেণ্টাইন ডে’ৰ পূৰ্বে ৭তাৰিখৰ পৰাই আৰম্ভ হয় ভেলেণ্টাইন সপ্তাহ। ভেলেণ্টাইন সপ্তাহৰ প্ৰথম দিনটোৱেই হৈছে

ৰ’জ ডে(৭ফেব্ৰুৱাৰী)
এই দিনটোত প্ৰেমিকে প্ৰেয়সীক, বা প্ৰেয়সীয়ে প্ৰেমিক এপাহ বা এথোপা ৰঙা গোলাপ যাচে। এই ৰঙা গোলাপ হৈছে ভালপোৱাৰ প্ৰতীক। এই গোলাপ দিয়াৰ মাধ্যমেৰেই এজনে আনজনৰ ভালপোৱাৰ কথাবোৰ আকৌ এবাৰ সোঁৱৰাই দিয়ে। এই ক্ষেত্ৰত বেছিভাগ সময়ত পুৰুষেই আগভাগ লয়। ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশৰ নাৰীয়ে এইক্ষেত্ৰত আজিও বৰ বিশেষ আগভাগ নলয়। প্ৰেমৰ প্ৰস্তাৱ দিয়া পদ্ধতিত পুৰুষেই আগভাগ ল’ব লাগে বুলি এক ভ্ৰান্ত ধাৰণা আজিও বহু নাৰীয়ে মনত কঢ়িয়াই থাকে। কিন্তু সময় সলনি হৈছে, এগৰাকী, দুগৰাকীকৈ বহু নাৰী আজি ওলাইয়ো আহিছে। প্ৰেমিকৰ হাতত প্ৰেয়সীয়েও আগবাঢ়ি আহি তুলি দিছে এপাহি ৰঙা গোলাপ।

প্ৰপজ ডে( ৮ফেব্ৰুৱাৰী)
প্ৰপজ ডে’ হ’ল ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয় দিন। এই দিনটো নানান কাৰণত বিশেষ। ইয়াৰ মাজতেই প্ৰধান কাৰণটোৱেই হৈছে এজনে আনজনক মনৰ কথা খুলি কোৱা। অৰ্থাৎ প্ৰপজ কৰা। কাৰোবাক গোপনে ভালপায় থাকিলে এই দিনটোৱেই কৈ দিয়াৰ বাবে উপযুক্ত সময়। বহু নাৰী পুৰুষেই সংগোপনে বুকুত কঢ়িয়াই ৰখা সিঁহৰণৰ কথাবোৰ এই দিনটোতেই খুলি কয়। যিসকল পূৰ্বৰে পৰাই প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকেও এই দিনটোত আকৌ এবাৰ প্ৰাণৰ ব্যক্তিগৰাকীক প্ৰপজ কৰি সম্পৰ্কৰ এনাজৰী মজবুত কৰে।

চকলেট ডে( ৯ফেব্ৰুৱাৰী)
ভেলেণ্টাইন সপ্তাহৰ তৃতীয় দিনটো হৈছে চকলেট ডে। এই দিনটোত চকলেট উপহাৰ দিয়ে নিজা সংগীক। এই ক্ষেত্ৰত প্ৰিয়তম বা প্ৰিয়তমাক চকলেট উপহাৰত দিয়ে। চকলেট উপহাৰে প্ৰেমৰ সম্পৰ্ক গাঢ় কৰে বুলি বহুতৰেই বিশ্বাস।

টেডি ডে’( ১০ ফেব্ৰুৱাৰী)
বিশেষকৈ মহিলাসকলৰ টেডি খুবেই পছন্দৰ সামগ্ৰী। এই দিনটোত পুৰুষে মহিলাসকলক টেডি গীফ্ট কৰে। এই গীফ্টৰ মাজতেই তেওঁলোকৰ ভালপোৱাৰ ছবি পৰিস্ফুত হৈ উঠে। কাৰণ প্ৰেয়সীক সুখী কৰিলে প্ৰেয়সীৰ পৰাও প্ৰেমৰ সিঁহৰণ নিজলৈকে বৈ আহে বুলি পূৰ্বৰে পৰাই বিশ্বাস কৰি আহিছে বহুজনে। সম্পৰ্কৰ ৰসায়ন এনেকৈয়ে জমি উঠে বুলিও বহুসংখ্যকে দাবী কৰি আহিছে।

প্ৰমিছ ডে’(১১ ফেব্ৰুৱাৰী)
ভেলেণ্টাইন সপ্তাহৰ পঞ্চম দিনটো হৈছে প্ৰমিছ ডে। এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোত প্ৰেমিক যুগলে এজনে আনজনক হাতে হাত ধৰি আগবঢ়াৰ প্ৰতিশ্ৰুতি দিয়ে। মূলত সেই প্ৰতিশ্ৰুতি হয় ভালপোৱাকেন্দ্ৰীক। জীৱনৰ সকলো সিদ্ধান্ত হাতে হাত ধৰি লোৱাৰ প্ৰতিশ্ৰুতি নতুবা সুখে দুখে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে এজনে আনজনক। প্ৰকৃততে প্ৰতিশ্ৰুতিসমূহেই জীৱনটোক ক্ষন্তেকৰ বাবে হ’লেও জীঁপাল কৰি তোলে।

হাগ ডে( ১২ ফেব্ৰুৱাৰী)
এই বিশেষ দিনটোত ভালপোৱাৰ বান্ধোনত বান্ধ খাই থকা ব্যক্তিসকলে এজনে আনজনক আকুলতাৰে আলিংগন কৰে। আলিংগনৰ মাধ্যমেৰেই এজনে আনজনক ভালে থকাৰ, ভালে ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰেমৰ বাটত খোজ দি এঢাপ এঢাপকৈ আগুৱাই যোৱাৰো পৰিকল্পনা কৰে। এটা আলিংগনেই দূৰ কৰিব পাৰে জীৱনৰ বহু হতাশ সময়ক, জীৱনক ন’ ৰূপ দিব পাৰে এটি আলিংগনেই। সেয়ে এই দিনটো উদযাপনৰ বিশেষ গুৰুত্ব আছে বুলিও বহুজনে দাবী কৰে।

কিছ ডে(১৩ফেব্ৰুৱাৰী)

ভেলেণ্টাইন ডে’ৰ এদিন পূৰ্বে পালন কৰা হয় কিছ ডে। এই দিনটোত সংগীক ভালপোৱাৰ চুম্বন উপহাৰ দিয়া হয়। সেই চুম্বনতেই লুকাই থাকে হৃদয়ৰ বহু নোকোৱা কথা, নোকোৱাকৈয়ে হৃদয়ৰ আৱেগ বুজাই দিয়াৰ অনন্য অনুভূতি। বিশেষকৈ পশ্চিমীয়া সংস্কৃতিত এই দিনটোৰ বিশেষ গুৰুত্ব আছে।

১৪ফেব্ৰুৱাৰী( ভেলেণ্টাইন ডে)
সৰ্বশেষত ভেলেণ্টাইন ডে’। এই দিনটোক বিশ্বজুৰি পালন কৰা হয়। ভালপোৱা ব্যক্তিগৰাকীৰ সৈতে বহুতেই সময় কটায়। বহুজনে আকৌ বিবাহৰ প্ৰস্তাৱো প্ৰেয়সীৰ আগত ৰাখে। এই দিনটো অন্যধৰণে কটাব খোজে প্ৰতিজন প্ৰেমিক প্ৰেমিকাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কাইলৈ ধন যোগত লাভৱান হ’ব ৫ৰাশিৰ জাতক! ভাগ্য খুলিব মেষ, কৰ্কটসহ কেইবাটাও ৰাশিৰ

কাইলৈ ধন যোগত লাভৱান হ’ব ৫ৰাশিৰ জাতক! ভাগ্য খুলিব মেষ, কৰ্কটসহ কেইবাটাও ৰাশিৰ

স্বপ্নভংগ পুনম পাণ্ডেৰ! জৰায়ু কৰ্কটৰ সচেতনতা কেম্পেইনৰ ব্ৰেণ্ড এম্বেচাডৰৰ আৱেদন নাকচ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ

স্বপ্নভংগ পুনম পাণ্ডেৰ! জৰায়ু কৰ্কটৰ সচেতনতা কেম্পেইনৰ ব্ৰেণ্ড এম্বেচাডৰৰ আৱেদন নাকচ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.