সংবাদ মাধ্যমৰ চৰ্চাত আছে দক্ষিণৰ চুপাৰ ষ্টাৰ বিজয় দেৱেৰাকোণ্ডা আৰু বলিউদৰ অবিনেত্ৰী অনন্যা পাণ্ডে৷
লিগাৰৰ জৰিয়তে তলিউদ অৰ্থাৎ দক্ষিণৰ ছবিত অভিষেক ঘটাব চংকি পাণ্ডেৰ কন্যা অভিনেত্ৰী অনন্যা পাণ্ডে।
লিগাৰত অনন্যাই প্ৰথমবাৰৰ বাবে বিজয় দেৱেৰাকোণ্ডাৰ সৈতে অভিনয় কৰিছে। এই ছবিখনৰ বাবেই ২০২০ চনৰ পৰা অনন্যা আৰু বিজয়ে সংবাদ শিৰোনাম দখল কৰি আহিছে।
লগতে পঢ়ক ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?
সহ অভিনেতা এই বিয়জৰ বিষয়ে অতি চিত্তাকৰ্ষক মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ অনন্যাই এক সাক্ষাৎকাৰত কয় যে বিজয় অতিশয় দয়ালু৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অনন্যাই বিজয় দেৱেৰাকোণ্ডাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাও ব্যক্ত কৰে।
তেওঁক সোধাত ক’লে, “আচৰিত! কথা পাতিবলৈ সি ইমান দয়ালু। আমি একেলগে USAত শ্বুটিং কৰি থাকোঁতে বহুত আনন্দ উপভোগ পাইছিলো।’’ উল্লেখ্যযে ছবিখন চলিত বৰ্ষৰ আগষ্ট মাহত ছবিগৃহলৈ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ