আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কে’বাটাও বিভাগত প্ৰায় ২৩ হাজাৰ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰে৷
নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দি হৈছিল সেই প্ৰতিশ্ৰুতিৰ অংশ হিচাপে অনুসৰি আজি ২২ হাজাৰ ৯ শ ৯৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে৷
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যোৱা এটা বছৰত ক’ভিডৰ বাবে আমাৰ আন কথা চিন্তা কৰাৰ সময় নাছিল যদিও ক’ভিডৰ অন্ত পৰাত আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ কাম আৰম্ভ কৰিছো৷
লগতে পঢ়ক ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?
বিৰোধীয়ে ভাবিছিল আমি ১ লাখ নিযুক্তি দিব নোৱাৰিব আৰু বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে কথা ক’বলৈ সুযোগ লাভ কৰিব বুলি ভাবিছিল যদিও চৰকাৰে সেই সুযোগ নিদিয়ে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷
মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে ১০ মে’ত চৰকাৰ গঠন হোবাৰ পাছতে শিক্ষা বিভাগত ৪৭৭৯ পদ নিযুক্তি দিয়া হৈছিল৷
‘‘২০১১ চনত টেটৰ জৰিয়তে নিকা নিযুক্তি দিবলৈ সক্ষম হৈছিলো৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰিবলৈ কৈছিলো৷ শিক্ষা বিভাগৰ নিযুক্তিত যাতে কোনোধৰণৰ কেলেংকাৰী সংঘটিত হ’ব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰখা হৈছে৷’’ মুখ্যমন্ত্ৰীয়ে আৰু কয়৷
লগতে পঢ়ক ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?
টেটত গ্ৰেচ নম্বৰ পোৱা সকলে যদি আদালতলৈ নগৈ আমাৰ ওচৰলৈ আহিল হয় তেওলোককো আজি সমানে সমানে নিযুক্তি দিলো হয় বুলিও অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
ইফালে জুলাই শেষলৈকে ২৬ হাজাৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি দোহাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ