অন্য এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ এগৰাকী গৰ্ভৱতী নাবালিকাক বলপ্ৰয়োগেৰে এখন ব্যক্তিগত চিকিৎসালয়ত গৰ্ভপাত কৰোৱাৰ দৰে বেআইনী কাণ্ড পোহৰলৈ আহিছে৷
কিন্তু এই বেআইনীৰ কাণ্ডৰ পূৰ্বে ইয়াতকৈ ভয়ংকৰ কাণ্ড সংঘটিত হৈ অহাৰ তথ্য প্ৰকাশ পাইছে৷ দ্য টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিৰ মতে এই সমগ্ৰ কাণ্ডত কিশোৰীগৰাকীৰ পিতৃও জড়িত আছে আৰু ঘটনাটো হৈছে তেলেংগানাৰ৷
ঘটনাৰ বিৱৰণীৰ মতে এজন ট্ৰাক ড্ৰাইভাৰে ১৬ বছৰীয়া কিশোৰী গৰাকীৰ ওপৰত যৌন শোষণ চলাই আহিছিল৷ ড্ৰাইভাৰগৰাকীৰ যৌন শোষণৰ পিছতে কিশোৰীগৰাকী গৰ্ভৱতী হয়৷ অভিযোগ অনুসৰি পিতৃৰ সহযোগত তিনি অভিযুক্তই গৰ্ভৱতী কিশোৰীগৰাকীক জোৰদবস্তি কৰি ইভ্ৰাহিমপটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত গৰ্ভপাত কৰোৱায়৷
লগতে পঢ়ক দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?
প্ৰকাশিত খবৰ মতে পিতৃৰ সহযোগত অভিযুক্তসকলে কিশোৰীগৰাকীক চিকিৎসালয়লৈ নি গৰ্ভপাত কৰোৱায়৷
ইয়াৰ পিছতে কিশোৰীগৰাকীৰ মাতৃয়ে মৰিগুড়া আৰক্ষী থানাত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গোচৰ দাখিল কৰে৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি পিতৃসহ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷
আৰক্ষীৰ তদন্ত প্ৰকাশ পাইছে যে কিশোৰীগৰাকীক পীল খোৱাই গৰ্ভপাত কৰোৱা হৈছিল৷ ইয়াৰ পিছতে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মাতৃয়ে যোৱা ৩০ এপ্ৰিলত কন্যাক চিকিৎসালয়লৈ নিয়াৰ সময়তহে ঘটনাটো পোহৰলৈ আহে৷
লগতে পঢ়ক হাই হিল পিন্ধা নাৰীৰ প্ৰতি আকৃষ্ট হয় নেকি পুৰুষ! অধ্যয়নে কি কয়?
‘‘ছোৱালীজনীৰ গভীৰ ৰক্তক্ষৰণৰ বাবে স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰে৷ ইয়াৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে কয় যে ছোৱালীজনীক যোৱা ১ মে’ত গৰ্ভপাত কৰোৱা হৈছিল৷’’ আৰক্ষী উপ পৰিদৰ্শক ভেংকট ৰেড্ডীয়ে সংবাদ মাধ্যমক কয়৷
ইপিনে ঘটনাৰ সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃসহ চালক, তেওঁৰ সহযোগী আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৭, ৪২০, ৩১২, ৩৪২, ৩৭৬(২) (ন) আৰু POCSO আইনৰ ৫(ল)ৰ/ডব্লিউ ৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ