বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি, ৪০ৰো অধিক আহত, সচিবালয়ৰ বাহিৰত ছাত্ৰ-ছাত্ৰীৰ হুলস্থুল
শ্বেখ হাছিনাৰ বিদায়ৰ পিছত বাংলাদেশৰ পৰিস্থিতিৰ উন্নতি হোৱাৰ আশা কৰা হৈছিল, কিন্তু দেওবাৰে নিশাৰ ভাগত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ভাৰতৰ চুবুৰীয়া দেশখনত। ৰাজধানী চহৰৰ সচিবালয়ৰ সমীপত সমবেত হোৱা ছাত্ৰ-ছাত্ৰী আৰু আনছাৰ সদস্যৰ মাজত তীব্ৰ কাজিয়াত ৪০ জনতকৈ অধিক লোক আহত হয়। গভীৰ নিশালৈকে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
ইয়াৰ পূৰ্বে ঢাকা বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা ছাত্ৰ-ছাত্ৰী ওলাই আহি সচিবালয়ৰ সন্মুখলৈ আহে। মাথো কিছু সময়ৰ ভিতৰতে ৰাজু স্মাৰকৰ সমীপত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ সমাগম ঘটে। তাৰ পিছতে আনছাৰ গ্ৰুপৰ সদস্যসকলৰ সৈতে মুখামুখি হ’বলৈ সমদল কৰাৰ কথা ঘোষণা কৰে।
আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীৰ সৈতে তীব্ৰ সংঘৰ্ষ হয় প্ৰতিবাদী দলৰ। ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ এই ক্ষোভ তেতিয়া পোহৰলৈ আহে যেতিয়া, আনছাৰ গ্ৰুপৰ সদস্যসকলে অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা তথা ছাত্ৰ বৈষম্য বিৰোধী আন্দোলনৰ সমন্বয়ক নাহিদ ইছলাম, সমন্বয়ক চাৰ্জিছ আলম, হাছনাত আৰু অন্য সদস্যক আটক কৰি সচিবালয়ত গৃহবন্দী কৰি ৰাখিছে।
ইয়াৰ ফলতে ছাত্ৰ-ছাত্ৰীসকল ক্ষুব্ধ হৈ পৰে। হাছনাত আব্দুল্লাই ফেচবুকত এটা পোষ্ট লিখি তেওঁ আনছাৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান মেজৰ জেনেৰেল এ কে এম আমিনুল হকক আটক কৰাৰ বাবে দায়ী কৰে। এই হাছনাত আব্দুল্লাইয়ে ছাত্ৰ-ছাত্ৰীসকলক ঢাকা বিশ্ববিদ্যালয়ত গোট খাবলৈ কৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ